নতুন দিল্লী
দেশৰ শতিকা পুৰণি সম্প্রদায় হিচাপে পৰিচিত কাশ্মীৰী পণ্ডিতসকল এতিয়া অস্তিত্বৰ সংকটত ভুগিছে। শ্রীবিশ্বকর্মা স্কীল বিশ্ববিদ্যালয়ৰ গৱেষকৰ সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।
কাশ্মীৰী সম্প্ৰদায়ৰ লোকসকলে ৰক্তাক্ত সংঘাতৰ বলি হৈ পলায়ন কৰিবলগীয়া হোৱাৰ ফলতেই সম্প্রদায়টোৰ জনসংখ্যা ১.৬ শতাংশতে সীমাবদ্ধ হৈ পৰিছে। তেতিয়াৰ পৰাই সম্প্রদায়টোৱে জীয়াই থকাৰ সংঘৰ্ষত ব্ৰতী হৈ আছে।
ইয়াৰ অনিবার্য পৰিণতিত কাশ্মীৰী পণ্ডিতসকলে তেওঁলোকৰ ভূমি আৰু বাসগৃহ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। ৯০ৰ দশকৰ আৰম্ভণিতে পাকিস্তান মদতপুষ্ট সন্ত্রাসবাদৰ বলি হৈছিল কাশ্মীৰী পণ্ডিত সমাজ।
শেহতীয়া সমীক্ষাটোত পোহৰলৈ অহা তথ্যৰ পিচত চৰকাৰ আৰু নাগৰিক সমাজে কাশ্মীৰী পণ্ডিতসকলক উদ্ধাৰ কৰিবলৈ আগুৱাই অহা উচিত বুলিও পৰামৰ্শ আগবঢ়োৱা হৈছে।
বিশ্ববিদ্যালয়খনৰ উপাচার্য ৰাজ নেহৰুৱে এইক্ষেত্রত কয় যে, কাশ্মীৰী পণ্ডিতসকলৰ পুনৰ সংস্থাপনৰ বাবে অনুকূল পৰিবেশ গঢ় দিয়াটো অতিকে জৰুৰী হৈ পৰিছে। অন্যথা এইটো সম্প্রদায় অতি সোনকালে বিপন্ন হৈ পৰিব।
৯০ৰ দশকৰ পলায়ন সত্ত্বেও কাশ্মীৰী পণ্ডিতৰ ৪৮.৬ শতাংশই এতিয়াও কিন্তু তেওঁলোকৰ পৈতৃক গৃহ আৰু সম্পত্তি বিক্ৰী কৰাৰ পৰা বিৰত আছে। ৬২ শতাংশ কাশ্মীৰী পণ্ডিতে এতিয়াও নিজৰ ঘৰলৈ উভতি আহিবলৈ ইচ্ছুক।
সমীক্ষাটোৰ মতে যদি চৰকাৰে উপযুক্ত পৰিবেশ ৰচনা কৰে তেন্তে তেওঁলোক পুনৰ ঘূৰি আহিবলৈ আগ্রহী।