এইবাৰ ভোটযুদ্ধত অৱতীৰ্ণ হ'ব ১৪ কাশ্মিৰী পণ্ডিত

Story by  atv | Posted by  [email protected] • 9 d ago
এইবাৰ ভোটযুদ্ধত অৱতীৰ্ণ হ'ব ১৪ কাশ্মিৰী পণ্ডিত
এইবাৰ ভোটযুদ্ধত অৱতীৰ্ণ হ'ব ১৪ কাশ্মিৰী পণ্ডিত
 
জম্মু
 
সুদীর্ঘ তিনি দশকৰ পিচত জম্মু- কাশ্মীৰৰ নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে এগৰাকী মহিলা কাশ্মীৰী পণ্ডিত। তেওঁ হ'ল ডেইজী বেইনা। দিল্লীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰা ডেইজীয়ে এইবাৰ কাশ্মীৰৰ পুলৱামা জিলাৰ ৰাজপোৰা বিধানসভা সমষ্টিত বিপাব্লিকান পার্টি অব ইণ্ডিয়াৰ (আঠৱালে) প্রার্থীৰূপে অবতীর্ণ হ'ব।
 
এই দলটো এন ডি এব অংশীদাৰ। যোৱা তিনি দশকত প্রথমবাৰলৈ এগৰাকী কাশ্মীৰী পণ্ডিত মহিলাই ভোটযুদ্ধত অবতীর্ণ হোৱাটো এক বিশেষ ঘটনা হিচাপে বিবেচিত হৈছে। তাৎপর্যপূর্ণ যে এইবাৰৰ জম্মু-কাশ্মীৰৰ নিৰ্বাচনত এতিয়ালৈকে মুঠতে ১৪ গৰাকী কাশ্মীৰী পণ্ডিতে মনোনয়ন পত্র দাখিল কৰিছে।
 
উল্লেখনীয় যে কাশ্মীৰত এইটো সম্প্রদায়ৰ লোকৰ সংখ্যা প্রায় তিনি লাখ। এইবাৰৰ নিৰ্বাচনত শ্রীনগৰৰ হারা কাদল বিধানসভা সমষ্টিটো আক্ষৰিক অর্থতে বিতাড়িত কাশ্মীৰী পণ্ডিতৰ নির্বাচনী যুদ্ধক্ষেত্রলৈ পৰিণত হৈছে। কিয়নো এইটো সমষ্টিত মুঠ ১৪ গৰাকী কাশ্মীৰী পণ্ডিতৰ ভিতৰত ছগৰাকীয়ে মনোনয়ন পত্র দাখিল কৰিছে। এইটো সমষ্টিত অহা ২৫ ছেপ্টেম্বৰত দ্বিতীয় পর্যায়ত অন্য ২৬টা সমষ্টিৰ সৈতে নির্বাচন অনুষ্ঠিত হ'ব। কাশ্মীৰী পণ্ডিতৰ ৫ গৰাকীয়ে স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্রার্থীৰূপে অবতীর্ণ হোৱাৰ বিপৰীতে দুগৰাকী হৈছে নির্দলীয় পার্টি।