কেৰেলা
ঋণ আদায় কৰিবলৈ ঋণগ্রস্তক বিভিন্নধৰণে হেঁচা প্রয়োগ কৰাৰ লগতে ঋণীৰ ছবি কাকতত প্রকাশ কৰাটো নিয়মবিৰুদ্ধ বুলি মন্তব্য কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে।
কালি এক গুৰুত্বপূৰ্ণ নির্দেশযোগে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মুৰালি পুৰুষোত্তমনৰ নেতৃত্বত গঠিত এজনীয়া বিচাৰপীঠে এক সুদূৰপ্ৰসাৰী ৰায়যোগে কয় যে ঋণ আদায় কৰাৰ নামত ঋণগ্রস্তক বিভিন্নধৰণে ভীতিগ্রস্ত কৰা আৰু বাতৰি কাকতত ঋণদাতাই ছবি প্রকাশ কৰা কাৰ্য ঋণীৰ ব্যক্তিগত জীৱনৰ গোপনীয়তা আৰু মর্যাদা লাঘৱ কৰাৰ নামান্তৰ।
প্ৰচলিত আইনী ব্যৱস্থাৰ অধীনত ঋণদাতাৰ এনে কাৰ্য মুঠেও গ্রহণযোগ্য নহয়। প্রচলিত আইনৰ অধীনত ঋণদাতাই এজন ঋণীৰ ব্যক্তিগত জীৱনৰ স্বাধীনতা খৰ্ব কৰি আৰু মৰ্যাদা লাঘৱ কৰি ঋণ অনাদায় হৈ থকা বাবে বাতৰি কাকতত ছবি প্রকাশ কৰিব নোৱাৰিব। এনে কৰিলে দেশৰ সংবিধানৰ অনুচ্ছেদ ২১ৰ অধীনত নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাটো বুজাব।
উল্লেখযোগ্য যে কেৰালাৰ এখন সমবায়ৰ আবেদনৰ শুনানি গ্রহণ কৰি আদালতে কালি এনেদৰে কয়।