পঞ্জাৱত তিনিজন খালিস্তানি সন্ত্ৰাসবাদী নিহত

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
লক্ষ্ণৌ
 
২৩ ডিচেম্বৰ সোমবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ পিলিভিট জিলাত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ এক আৰক্ষী চকীত আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত তিনিজন খালিস্তানি সন্ত্ৰাসবাদী নিহত হয়।
 
অভিযুক্ত গুৰবিন্দৰ সিং (২৫), বীৰেন্দ্ৰ সিং ওৰফে ৰবি (২৩) আৰু জছপ্ৰীত সিং ওৰফে প্ৰতাপ সিং (১৮) খলিস্তান কমাণ্ডো বাহিনী নামৰ এটা নিষিদ্ধ সংগঠনৰ সৈতে জড়িত আছিল আৰু পঞ্জাৱ আৰক্ষী আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে যুটীয়া সংঘৰ্ষত নিহত হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা দুটা একে-৪৭ ৰাইফল, দুটা গ্লক পিষ্টল আৰু কেইবাটাও সক্ৰিয় গুলি জব্দ কৰিছে।
 
পঞ্জাৱ আৰক্ষীৰ এটা দলে জিলাখনৰ পুৰাণপুৰ আৰক্ষী থানাৰ অধীনৰ এক অঞ্চলত তিনিজন অভিযুক্তৰ উপস্থিতিৰ বিষয়ে পিলিভিট আৰক্ষীক অৱগত কৰে, তাৰ পিছত এটা অভিযান আৰম্ভ কৰা হয়। পুৰাণপুৰত সন্দেহজনক সামগ্ৰীসহ তিনিজন লোকৰ উপস্থিতিৰ বিষয়েও আৰক্ষীয়ে এক তথ্য লাভ কৰিছিল।
 
এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তকেইজনক আগুৰি ধৰে আৰু সোমবাৰে পুৱতি নিশা এক এনকাউণ্টাৰ সংঘটিত হয়, য’ত তিনিজন অভিযুক্তক নিহত হয়।
 
পিলিভিট আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি, "সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। অভিযুক্তই প্ৰত্যাহ্বান জনাই আৰক্ষীৰ দলটোক গুলীচালনা কৰে আৰু প্ৰতিশোধমূলক গুলীচালনাত তেওঁলোক নিহত হয়। পঞ্জাৱ আৰক্ষী আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ দলৰ যৌথ অভিযান চলাইছিল। পঞ্জাৱ আৰক্ষীৰ দলটোৱেও তেওঁলোকৰ বিদেশী সংযোগৰ বিষয়ে আমাক অৱগত কৰিছিল।" 
 
ইয়াৰ পূৰ্বে ২১ ডিচেম্বৰ শনিবাৰে গুৰদাসপুৰ জিলাৰ কলনৌৰ মহকুমাৰ এক পৰিত্যক্ত আৰক্ষী চকীত বিস্ফোৰণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীৰ সতৰ্কতা বৃদ্ধিৰ মাজতে সংঘটিত হোৱা এই আক্ৰমণত জীৱন বা সা-সম্পত্তিৰ কোনো ক্ষতি হোৱা নাছিল।