মছজিদৰ জৰীপৰ বিৰোধিতা; উত্তৰ প্ৰদেশৰ ছম্বলত আৰক্ষীৰে সংঘৰ্ষত ৩ লোকৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 2 h ago
উত্তৰ প্ৰদেশৰ ছম্বলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ পিছৰ ছবি
উত্তৰ প্ৰদেশৰ ছম্বলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ পিছৰ ছবি
 
ছম্বল

উত্তৰ প্ৰদেশৰ ছম্বলত দেওবাৰে সংঘটিত এক সংঘৰ্ষত ৩জন লোকৰ মৃত্যু হয়। এটা মছজিদৰ জৰীপৰ বিৰোধিতা কৰা একাংশ লোকক আৰক্ষীয়ে বাধা দিয়াৰ সময়ত সৃষ্টি হোৱা সংঘৰ্ষত এই দূৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
 
মোগল শাসকে শ শ বছৰ পূৰ্বে মছজিদ নিৰ্মাণ কৰিবলৈ ইয়াত মন্দিৰ ধ্বংস কৰিছিল বুলি একাংশই আদালতৰ দ্বাৰস্থ হোৱাৰ পিছতে আদালতে মছজিদটোত জৰীপ চলোৱাৰ নিৰ্দেশ দিছিল।
 
শ্বাহী জামা মছজিদৰ ওচৰত সমবেত শতাধিক প্ৰতিবাদকাৰীয়ে জৰীপকাৰী দলটো আহি পোৱাৰ লগে লগে বিৰোধিতা আৰম্ভ কৰে। এই পৰিস্থিতি এটা সময়ত হিংসাত্মক ৰূপত পৰিণত হয়। কাৰণ প্ৰতিবাদকাৰীয়ে জৰীপকাৰী দলটোৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীক সেই স্থানৰ পৰা আঁতৰ কৰিবলৈ কন্দুৱা গেছ নিৰ্গত কৰে। 

মৃত্যু লোক কেইজনক নৌমান, বিলাল আৰু নাইম বুলি চিনাক্ত কৰা হৈছে। মৰাদাবাদৰ আয়ুক্ত অঞ্জনিয়া কুমাৰ সিঙে এই কথা প্ৰকাশ কৰিছে। এই ঘটনাত ১৫জন আৰক্ষী আহত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। 

"মছজিদৰ কাষত সমবেত হোৱা ভিৰৰ মাজৰ পৰা কিছুমান দুষ্কৃতিকাৰী ওলাই আহি আৰক্ষীৰ দলটোলৈ শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে সামান্য শক্তি আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল।"-আৰক্ষী অধীক্ষক কৃষ্ণ কুমাৰ বিষ্ণোইয়ে এইদৰে কয়। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে শিলগুটি নিক্ষেপত নিয়োজিত হোৱা আৰু তেওঁলোকক উচটনি দিয়াসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।