চত্তীশগড়ত নক্সালবাদৰ বিৰুদ্ধে বৃহৎ অভিযান, ৩২ জন নিহত, উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ

Story by  atv | Posted by  [email protected] • 15 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ছত্তীশগড়ৰ নাৰায়ণপুৰত আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত নিহত হৈছে ৩২ জন নক্সালবাদী। এই অভিযান চলাইছিল বাষ্টাৰ ফাইটাৰ, এছটিএফ আৰু ডিআৰজিৰ যৌথ নেতৃত্বত ২৫০ জন জোৱানে। এতিয়াও এনকাউণ্টাৰ স্থানত থকা জোৱানসকলে নক্সালবাদীৰ মৃতদেহ উদ্ধাৰৰ অভিযান চলাই আছে।
 
শুক্ৰবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ আৰু দন্তেৱাড়া সীমান্তৱৰ্তী অঞ্চলত আৰক্ষী আৰু নক্সালবাদীৰ মাজত এক বৃহৎ এনকাউণ্টাৰ সংঘটিত হয়। ডিআৰজি, এছটিএফ আৰু বাষ্টাৰ ফাইটাৰৰ যৌথ অভিযানত নিহত হয় ৩২ জন নক্সালবাদী। আৰক্ষী আৰু নক্সালবাদীৰ মাজত নিশাও চলি থাকে সংঘৰ্ষ। নাৰায়ণপুৰ আৰু দন্তেৱাড়াৰ বনাঞ্চলত তালাচী অভিযান চলাই আছে জোৱানসকলে। শনিবাৰে পুৱালৈ নক্সালবাদীৰ মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি আছে।
 
চোৰাংচোৱাৰ তথ্য অনুসৰি ইন্দ্ৰাৱতী নদীৰ সিপাৰে আবুঝমাদৰ অৰণ্যত নক্সালবাদীৰ বিশেষ খণ্ড সমিতিৰ সদস্য ৬ নং কোম্পানীৰ কমাণ্ডাৰ কমলেশৰ উপস্থিতিৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পিছত প্ৰায় ২৫০ জনীয়া জোৱানৰ এটা দল ডিআৰজি, এছটিএফ আৰু বাষ্টাৰ ফাইটাৰৰ অভিযানৰ বাবে প্ৰেৰণ কৰা হয়। মাদৰ অৰণ্যত প্ৰায় ৭০ জন নক্সালবাদী জোৱানসকলৰ মুখামুখি হয়। নেদুৰ থুলথুলিৰ অৰণ্যত সংঘটিত হোৱা এই মুখামুখি সংঘৰ্ষৰ পিছতে অভিযানকাৰী জোৱানসকলে পৰিকল্পনা অনুসৰি নক্সালবাদীক চাৰিওফালৰ পৰা ঘেৰি ধৰাত সফল হয়।
 
চোৰাংচোৱাই নাৰায়ণপুৰ-দন্তেৱাদা জিলাৰ সীমান্তৱৰ্তী অঞ্চল দক্ষিণ আবুঝমদ অঞ্চলত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল, তাৰ পিছত নাৰায়ণপুৰ আৰু দন্তেৱাদাৰ বাষ্টাৰ ফাইটাৰ, এছটিএফ আৰু ডি আৰ জিৰ যৌথ দল আৰু ২৫০ জন জোৱানক  অভিযানৰ বাবে অৰণ্যলৈ প্ৰেৰণ কৰা হৈছিল। শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত আৰক্ষী দল আৰু মাওবাদীৰ মাজত পোনপটীয়া সংঘৰ্ষ আৰম্ভ হয় আৰু প্ৰায় ১০ ঘণ্টা তুমুল সংঘৰ্ষ চলে। ইফালে সন্ধিয়ালৈকে আৰক্ষীয়ে ৩০ জনতকৈ অধিক মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰাত সফল হৈছিল। সেই স্থানৰ পৰা AK-47, SLR আৰু আন বহুতো অত্যাধুনিক স্বয়ংক্ৰিয় অস্ত্ৰ, বৃহৎ পৰিমাণৰ নক্সালবাদৰ গোপন কাগজ-পাতি আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে।
 
দন্তেৱাড়া-নাৰায়ণপুৰ সীমান্তত এতিয়াও চলিছে এই সংঘৰ্ষ।  বাষ্টাৰ আই জি সুন্দৰৰাজ পিৰ মতে, এই পৰ্যন্ত নিহত নক্সালৰ সংখ্যা ৩২ বুলি কোৱা হৈছে যদিও এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। অৰণ্যত নিশাৰ পিছত নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে জোৱানসকল। ৰাতিৰ আন্ধাৰত নিহত নক্সালীয়াৰ সংখ্যা গণনা কৰাত অসুবিধাৰ সৃষ্টি হৈছে।
 
তথ্য অনুসৰি চত্তীশগড়ৰ পৰা অহা দুজন যুৱ IPS বিষয়া প্ৰভাত কুমাৰ আৰু গৌৰৱ ৰায়ৰ নেতৃত্বত এই সফল অভিযান সম্পাদন হৈছে। উপস্থিত আছে ASP সমৰুথিক ৰাজনালা, DSP প্ৰশান্ত দেৱানগান আৰু DSP ৰাহুল উইকে।  ৰাজধানী ৰায়পুৰতো এই এনকাউণ্টাৰ সন্দৰ্ভত নক্সাল বিৰুধী অভিযানৰ বিষয়াসকলৰ জৰুৰী বৈঠক আহ্বান কৰা হৈছে।  শীৰ্ষ বিষয়াসকলে এই এনকাউণ্টাৰৰ সকলো দিশ পৰ্য্যবেক্ষণ কৰিছে। চত্তীশগড়ত কংগ্ৰেছ চৰকাৰৰ পতনৰ পিছতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰে নক্সালবিৰোধী অভিযান তীব্ৰতৰ কৰিছে আৰু এই অভিযান সমূহে চত্তীশগড়ত নক্সালবাদীৰ শক্তি যথেষ্ট হ্ৰাস কৰিছে।