ইটানগৰ
ভাৰতৰ সীমান্ত অঞ্চলত বসবাস কৰা থলুৱা উদ্যোগীসকলৰ প্রতি সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় সেনাই। অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ জিডো নামৰ ঠাইখনৰ থলুৱা ব্যৱসায়ীসকলে ভাৰতীয় সেনাৰ সহযোগত প্রায় ২.৫ লাখ কমলা ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে প্রায় দহ লাখ টকা মূল্যৰ এই কমলা অৰুণাচলৰ বিভিন্ন প্রান্তৰ লগতে অসমলৈও প্ৰেৰণ কৰিছে।
ভাৰতীয় সেনাৰ সহযোগত অঞ্চলটোৰ পৰা এইবাৰেই প্ৰথমবাৰলৈ এনেদৰে কমলা ৰপ্তানিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে। যাৰ ফলত থলুৱা ব্যৱসায়ীসকল লাভান্বিত হোৱাৰ লগতে সীমান্ত অঞ্চলৰ অৰ্থনীতিও ত্বৰান্বিত হৈছে। ভাৰতীয় সেনাই সীমান্ত এলেকাত সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টোৰ লগতে স্থানীয় লোকসকলৰ দক্ষতা বিকাশ আৰু বিত্তীয় সাক্ষৰতাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি আহিছে।
ভাৰতীয় সেনাই গ্রহণ কৰা এনে পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্ডুৱে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসমৰ পৰাও বাংলাদেশলৈ প্রায় ৫ লাখ কমলা ৰপ্তানি কৰা হৈছিল। মূলতঃ বৰাক উপত্যকাৰ শ্রীভূমি জিলাৰ পৰা নদীপথেৰে এই কমলাসমূহ ৰপ্তানি কৰা হৈছিল।