নতুন দিল্লী
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ভাৰতলৈ পৰ্যটক হিচাপে বা শিক্ষা, স্বাস্থ্যসেৱা আৰু ব্যৱসায়ৰ বাবে আহিব বিচৰাসকলক আদৰিবলৈ সাজু বুলি কয় যদিও ভাবুকি কঢ়িয়াই অনাসকলৰ সৈতে গুৰুত্বসহকাৰে মোকাবিলা কৰা হ’ব বুলি জোৰ দিয়ে। লোকসভাত গৃহীত হোৱা অভিবাসন আৰু বিদেশী বিধেয়ক ২০২৫ সন্দৰ্ভত লোকসভাত অনুষ্ঠিত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।
ভাৰত ভ্ৰমণৰ বাবে কু-অভিপ্ৰায় থকা লোকসকলকহে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বাধা দিব বুলি উল্লেখ কৰি শ্বাহে কয় যে দেশখন ‘ধৰমশালা’ (আশ্ৰয় গৃহ) নহয়।
"ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাসকলক দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। দেশখন 'ধৰমশালা' নহয়। কোনোবাই যদি দেশৰ উন্নয়নত অৰিহণা যোগাবলৈ আহে, তেন্তে তেওঁলোকক সদায় আদৰণি জনোৱা হয়।"
The Immigration and Foreigners Bill, 2025 অনুসৰি ভাৰতত প্ৰৱেশৰ বাবে জাল পাছপ’ৰ্ট বা ভিছা ব্যৱহাৰ কৰা বা দেশত থকা বা দেশৰ পৰা ওলাই যোৱা কোনো ব্যক্তিক সাত বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ লাখ টকাৰ পৰিসৰৰ জৰিমনা বিহা হ’ব।
প্ৰস্তাৱিত আইনখনত হোটেল, বিশ্ববিদ্যালয়, অন্যান্য শিক্ষানুষ্ঠান, চিকিৎসালয় আৰু নাৰ্চিং হোমৰ দ্বাৰা বিদেশী সম্পৰ্কীয় তথ্য বাধ্যতামূলক কৰাৰো ব্যৱস্থা কৰা হ'ব যাতে অতিৰিক্ত সময় থকা বিদেশীক অনুসৰণ কৰিব পৰা যায়।
ইয়াৰ লগতে কোৱা হৈছে যে ভাৰতৰ যিকোনো অঞ্চলত বৈধ পাছপ’ৰ্ট বা ভিছাকে ধৰি অন্য ভ্ৰমণ নথি-পত্ৰ অবিহনে আইনৰ বিধান অথবা সেই অনুসৰি দিয়া কোনো নিয়ম বা আদেশৰ বিধান উলংঘা কৰি ভাৰতৰ যিকোনো অঞ্চলত প্ৰৱেশ কৰিলে পাঁচ বছৰলৈকে কাৰাদণ্ড বা ৫ লাখ টকা পৰ্যন্ত জৰিমনা বা দুয়োটাৰে শাস্তি হ’ব।
বিদেশী আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত বিষয়সমূহ বৰ্তমান চাৰিখন আইনৰ জৰিয়তে পৰিচালিত হয় -- পাছপ'ৰ্ট (ভাৰতত প্ৰৱেশ) আইন, ১৯২০; বিদেশী পঞ্জীয়ন আইন, ১৯৩৯; বিদেশী আইন, ১৯৪৬; আৰু প্ৰব্ৰজন (কেৰিয়াৰৰ দায়বদ্ধতা) আইন, ২০০০। এই সকলোবোৰ আইন এতিয়া বাতিল কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰস্তাৱিত আইনখনে দেশৰ নিৰাপত্তা সুদৃঢ় কৰিব, অৰ্থনীতি আৰু ব্যৱসায়ক উন্নীত কৰিব, ইয়াৰ উপৰিও স্বাস্থ্য আৰু শিক্ষা খণ্ডকো উৎসাহিত কৰিব। লগতে তেওঁ কয় যে প্ৰব্ৰজন বিধেয়কখনে দেশখনে ভাৰত ভ্ৰমণ কৰা প্ৰতিজন বিদেশীৰ শেহতীয়া তথ্য লাভ কৰাটো নিশ্চিত কৰিব।
ম্যানমাৰ আৰু বাংলাদেশীৰ পৰা অহা ৰোহিংগীয়াসকলে ভাৰতত অবৈধ অনুপ্ৰৱেশৰ বিষয়টো স্পৰ্শ কৰি শ্বাহে আঙুলিয়াই দিয়ে যে ব্যক্তিগত স্বাৰ্থৰ বাবে ভাৰতত আশ্ৰয় লোৱা এনে লোক বৃদ্ধি পাইছে, যাৰ ফলত দেশখন অসুৰক্ষিত হৈ পৰিছে। অনুপ্ৰৱেশকাৰীয়ে যদি ভাৰতত অশান্তিৰ সৃষ্টি কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলি সকীয়াই দিয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই বিধেয়কখনে দেশৰ নিৰাপত্তা শক্তিশালী কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ ভিতৰতে সৰ্বাধিক উন্নত দেশ হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে, "মই দেশখনক আশ্বস্ত কৰিব বিচাৰো যে আমাৰ দেশলৈ অহা প্ৰতিজন বিদেশীৰ বিষয়ে আমাৰ হাতত শেহতীয়া তথ্য থাকিব।"
তেওঁ লগতে কয়, "যিসকল পৰ্যটক হিচাপে, শিক্ষাৰ বাবে, স্বাস্থ্যসেৱাৰ বাবে, গৱেষণা আৰু বিকাশৰ বাবে, ব্যৱসায়ৰ বাবে ইত্যাদি ইত্যাদি ভাৰত ভ্ৰমণ কৰিব বিচৰা সকলোকে মই আদৰণি জনাইছো। কিন্তু যিসকলে দেশৰ বাবে ভাবুকি হিচাপে আহিব, আমি তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিম আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।"
পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি শ্বাহে কয় যে ভাৰত-বাংলাদেশ সীমান্তত ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেৰ দিয়াৰ কাম বাকী আছে কাৰণ পশ্চিম বংগ চৰকাৰে ইয়াৰ বাবে মাটি দিয়া নাই।
"যেতিয়াই ফেন্সিং প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়াই শাসকীয় দলৰ কৰ্মীসকলে গুণ্ডাগিৰি আৰু ধৰ্মীয় শ্লোগানেত লিপ্ত হয়। ৪৫০ কিলোমিটাৰ সীমান্তৰ বেৰ দিয়াৰ কাম সম্পূৰ্ণ হোৱা নাই কাৰণ পশ্চিম বংগ চৰকাৰে অনুপ্ৰৱেশকাৰীক দয়া দেখুৱাইছে।"
"প্ৰায় ২,২০০ কিলোমিটাৰ স্থল সীমান্তৰ ভিতৰত মাত্ৰ ৪৫০ কিলোমিটাৰ এলেকাহে বেৰ দিয়াৰ কাম বাকী আছে। কিন্তু, পশ্চিম বংগ চৰকাৰে বেৰ দিয়াৰ কামৰ বাবে ভূমি দিয়া নাই।" - তেওঁ কয়।
কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগ চৰকাৰলৈ ১১খন পত্ৰ লিখি ৰাজ্যিক বিষয়াৰ সৈতে ৭টা ৰাউণ্ডৰ আলোচনাত মিলিত হোৱাৰ পাছতো বেৰৰ কাম বাকী আছে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়।
"কেৱল সেই অঞ্চলৰ পৰাই অবৈধ অনুপ্ৰৱেশ ঘটি আছে। ৰাজ্য চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বাবে আধাৰ কাৰ্ড নিশ্চিত কৰি আছে আৰু দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে।"
"দক্ষিণ ২৪ পৰগনাত সৰ্বাধিক সংখ্যক অবৈধ আধাৰ কাৰ্ড পোৱা গৈছে। কিন্তু, চিন্তা নকৰিব, অহা বছৰ আমি বংগত চৰকাৰ গঠন কৰিম আৰু বাকী থকা অঞ্চলত বেৰ দিয়া হ'ব।" - শ্বাহে কয়।