নতুন দিল্লী
মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এগৰাকী মুছলমান আৰক্ষী কনিষ্টবলক নিজৰ বিশ্বাসৰ প্ৰতীক হিচাপে দাড়ি ৰখাৰ অনুমতি দিয়ে। ন্যায়াধীশ এল ভিক্টোৰিয়া গৌৰীৰ বিচাৰপীঠে কয় যে যিহেতু ভাৰত এখন বৈচিত্ৰময়, ধৰ্ম নিৰপেক্ষ আৰু ৰীতি-নীতিৰ দেশ। যদিও আৰক্ষী বিভাগে কঠোৰ অনুশাসন বজাই ৰখাৰ প্ৰয়োজনীয়তা প্ৰদান কৰে। তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে সংখ্যালঘু সম্প্ৰদায়ৰ এজন আৰক্ষী কৰ্মচাৰীয়ে দাড়ি ৰাখিব নোৱাৰিব।
“তামিলনাডু চৰকাৰৰ আৰক্ষী বিভাগে যদিও কঠোৰ অনুশাসনৰ প্ৰয়োজনীয়তা প্ৰদান কৰে। তথাপিও বিভাগটোৰ অনুশাসন বজাই ৰখাৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ কৰ্মচাৰী, বিশেষকৈ মুছলমানসকলৰ ওপৰত হজৰত মহম্মদৰ আজ্ঞা দাড়ি ৰখাৰ বাবে শাস্তি প্ৰদান কৰিব নোৱাৰে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে যিহেতু গোটেই জীৱন হজৰত মহম্মদৰ আজ্ঞা পালন কৰে", আদালতে কয়।
মাদ্ৰাজ উচ্চ ন্যায়ালয়
জি আব্দুল খাদাৰ ইব্ৰাহিমে ২০১৯ চনত প্ৰথম শ্ৰেণীৰ আৰক্ষী কনিষ্টবল পদত পদোন্নতি লাভ কৰিছিল। ৩১ দিনৰ ছুটী লোৱাৰ পিছতো তেওঁ কামত ৰিপৰ্ট কৰা নাছিল। যিটো আৰক্ষীৰ নীতি-নিয়মৰ বিৰোধী। লাইভ ল’ ৱেবছাইটৰ মতে, ইয়াৰ বাবে আৰু দাড়ি ৰখাৰ বাবে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছিল।
তদন্তৰ অন্তত আৰক্ষীয়ে ইব্ৰাহিমক ৩ বছৰৰ বাবে দৰমহা বৃদ্ধি বন্ধ কৰি শাস্তি দিয়াৰ সিদ্ধান্ত লয়। পিছত এই শাস্তি ২ বছৰলৈ কমাই দিয়া হয়। তদন্তত গ্ৰহণ কৰা এই সিদ্ধান্তক ইব্ৰাহিমে আদালতলৈ গৈ প্ৰত্যাহ্বান জনায়।
লাইভ ল’ৰ মতে ইব্ৰাহিমে যুক্তি দিছিল যে কৰ্তৃপক্ষই তেওঁৰ ধৰ্মৰ কথা বিবেচনা কৰিব লাগে। কিয়নো তেওঁ এজন মুছলমান আৰু তেওঁৰ বিশ্বাসৰ মতে তেওঁ দাড়ি ৰখাটো প্ৰয়োজনীয়।
আৰক্ষীয়ে যুক্তি দিছিল যে ইব্ৰাহিমে প্ৰায়ে অশান্তিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পূৰ্বেও তেওঁক সকীয়নী দিয়া হৈছিল।
আদালতে লক্ষ্য কৰি আৰক্ষীক দৃষ্টিগোচৰ কৰাই দিয়ে যে, মাদ্ৰাজ পুলিচ গেজেটৰ এখন অফিচ মেম’ৰেণ্ডামত কোৱা হৈছে যে মুছলমান আৰক্ষী বিষয়াসকলে গোটেই জীৱন দাড়ি ৰাখিবলৈ অনুমতি দিয়া হৈছে।
আনটো বিষয় সন্দৰ্ভত আদালতে কয় যে বিষয়াসকলে ইব্ৰাহিমৰ চিকিৎসা ছুটী গ্ৰহণ কৰিব লাগিছিল। কাৰণ তেওঁৰ উপাৰ্জিত ছুটীৰ পিছত তেওঁৰ বেমাৰত আক্রান্ত হৈছিল।
ইব্ৰাহিমক প্ৰদান কৰা এই শাস্তি অতি কঠোৰ বুলি আদালতে বিবেচনা কৰে। তেওঁলোকে আদেশ বাতিল কৰি নতুন সিদ্ধান্তৰ বাবে গোচৰটো আয়ুক্তৰ ওচৰলৈ ঘূৰাই পঠিয়াই দিয়ে।