প্ৰয়াগৰাজ
উত্তৰ প্ৰদেশৰ প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত চহৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত দেওবাৰে সন্ধিয়া এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। ছেক্টৰ ১৯ কেম্পছাইট এলেকাত তিনিটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কুম্ভমেলাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু জৰুৰীকালীন সঁহাৰিৰ ব্যৱস্থাসমূহ পুনৰীক্ষণ কৰে। অগ্নিকাণ্ডৰ তথ্য বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগী আদিত্যনাথৰ সৈতে কথা পাতিছিল।
ইতিমধ্যে নিৰাপত্তাৰ ব্যৱস্থাৰ অংশ হিচাপে সভাস্থলীত ৰখাই থোৱা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে এই কাণ্ডৰ খবৰ পোৱাৰ লগে লগে স্থানলৈ লৰালৰিকৈ আহি অগ্নি নিৰ্বাপণৰ কাম আৰম্ভ কৰে। স্থানীয় কৰ্তৃপক্ষই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সমন্বয়ত তৎক্ষণাত প্ৰচেষ্টা আৰম্ভ কৰি কম সময়ৰ ভিতৰতে সফলতাৰে জুই নিৰ্বাপন কৰে।
প্ৰয়াগৰাজ জ’নৰ এডিজি ভানু ভাস্কৰে সংবাদ মাধ্যমক কয়, "মহাকুম্ভ মেলাৰ ১৯ নং ছেক্টৰত দুটা-তিনিটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত শিবিৰসমূহত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে, এতিয়া জুই নিয়ন্ত্ৰণ কৰা হৈছে। সকলো লোক সুৰক্ষিত হৈ আছে, আৰু কোনো লোক আহত হোৱা নাই।"
খবৰ অনুসৰি জুইৰ লেলিহান শিখাই অঞ্চলটোত স্থাপন কৰা কমেও ১৮টা তম্বু আগুৰি ধৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলক জুই নিৰ্বাপন কৰাত সহায় কৰে। ওচৰৰ দলঙৰ ওপৰেৰে যাত্ৰা কৰি থকা এজন ৰে’ল যাত্ৰীয়ে বন্দী কৰা এটা ভিডিঅ’ত দেখা গৈছে যে কুম্ভমেলাৰ শিবিৰৰ সেই স্থানটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে আৰু জুইত কেইবাটাও তম্বু ছাইত পৰিণত হৈছে। তম্বুত থকা লোকসকলক সুৰক্ষাৰ বাবে খালী কৰা হৈছে বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিছে। কোনো লোক আহত বা হতাহতিৰ খবৰ পোৱা নাই।
ইফালে, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে জনায় যে মহাকুম্ভত সন্ত আৰু ভক্তসকলক সাহায্য প্ৰদানৰ বাবে চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ দল এটা উক্ত স্থানত উপস্থিত আছে। এক্সত তেওঁ কয় যে, চৰকাৰেও সমগ্ৰ ঘটনাটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে।
মহাকুম্ভ ২০২৫ৰ অফিচিয়েল এক্স হেণ্ডেলত পোষ্ট কৰা হৈছে, "অতি দুখৰ কথা! মহাকুম্ভৰ অগ্নিকাণ্ডৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। প্ৰশাসনে তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ অভিযান নিশ্চিত কৰিছে। সকলোৰে সুৰক্ষাৰ বাবে আমি মা গংগাৰ ওচৰত প্ৰাৰ্থনা জনাইছো"।
উল্লেখ্য যে, পুহ পূৰ্ণিমাৰ শুভ ক্ষণৰ লগত সংগতি ৰাখি ১৩ জানুৱাৰীত আৰম্ভ হৈছিল ঐতিহাসিক মহাকুম্ভ ২০২৫। এতিয়ালৈকে ৭.৭২ কোটিৰো অধিক ভক্তই গংগাৰ বুকুত স্নান কৰি এই পবিত্ৰ হিন্দু উৎসৱত অংশগ্ৰহণ কৰিছে। দেওবাৰেও ৪৬.৯৫ লাখতকৈ অধিক ভক্তই প্ৰয়াগৰাজৰ সংগমস্থলত স্নান কৰে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে।