সুদীৰ্ঘ ১২ বছৰৰ পিছত পুনৰ অনুষ্ঠিত হ'ব মহাকুম্ভ মেলা; ৪৫ কোটি ভক্তক আদৰিবলৈ সাজু যোগী চৰকাৰ

Story by  atv | Posted by  [email protected] • 2 d ago
সুদীৰ্ঘ ১২ বছৰৰ পিছত পুনৰ অনুষ্ঠিত হ'ব মহাকুম্ভ মেলা
সুদীৰ্ঘ ১২ বছৰৰ পিছত পুনৰ অনুষ্ঠিত হ'ব মহাকুম্ভ মেলা
 
উত্তৰ প্ৰদেশ
 
কেশৰ পিন্ধা আৰু ছাইৰে আবৃত মহানিৰ্বাণী আখাৰাৰ সাধুসকলে ডম্বৰু কোবাই মহাদেৱৰ নাম জপ কৰি মহাকুম্ভ শিবিৰত প্ৰৱেশ কৰিলে। কিছুমান সাধুক ঘোঁৰাত উঠি অহাও দেখা গ’ল। ইফালে অটল আখৰাৰ সন্তসকলেও এক বৃহৎ শোভাযাত্ৰা কৰি মহাকুম্ভ শিবিৰত উপস্থিত হয়।
 
আৰক্ষী বিষয়াসকলে মালাৰে উষ্ম আদৰণি জনায় অতিথি সাধুসকলক। ছাইত ডুব গৈ, মালা পিন্ধি, ঘোঁৰাত উঠি, ঢোল বজাই তেওঁলোকে শিবিৰৰ অঞ্চলত প্ৰৱেশ কৰিলে। আখাৰাৰ পতাকা লৈ খোজকাঢ়ি যোৱা কিছুমান পথচাৰীও দেখা গ’ল প্ৰয়াগৰাজত। নিৰঞ্জনী আখাড়া, আহৱান আখাড়া, সন্ন্যাসী পৰম্পৰাৰ সৰ্ববৃহৎ আখাদা জুনা আখাড়াকে ধৰি কেইবাখনো ডাঙৰ আখাড়াৰ প্ৰতিনিধি ইতিমধ্যে প্ৰয়াগৰাজৰ শিবিৰত উপস্থিত হৈছে।
 
এইদৰেই এতিয়া মহাকুম্ভ মেলাক লৈ প্ৰয়াগৰাজত মহাআয়োজন। সমগ্ৰ দেশৰ পৰা আহিবলগা প্ৰায় ৪৫ কোটি ভক্তক আদৰিবলৈ প্ৰয়াগৰাজ প্ৰশাসন আৰু উত্তৰপ্ৰদেশ চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অহা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা মহাকুম্ভ মেলালৈ আহিব লগা ভক্তসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনৰ লগতে প্ৰয়াগৰাজৰ বহু স্বেচ্ছাসেৱী সংগঠনো সাঁজু হৈছে।
 
আনহাতে মহাকুম্ভত এইবাৰ নিৰাপত্তাৰ দিশটোকো বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। নিয়োগ কৰা হৈছে বিশাল নিৰাপত্তাবাহিনী। মহাকুম্ভৰ প্ৰস্তুতিৰ সকলো দিশ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যৰাজে নিজে পৰ্য্যবেক্ষণ কৰিছে।