মুম্বাই
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে ছত্ৰপতি সম্ভাজিনগৰত থকা মোগল শাসক ঔৰংজেবৰ সমাধিস্থল আঁতৰোৱাৰ আহ্বানক সমৰ্থন জনাইছে।
অৱশ্যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এই স্থানক ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ সুৰক্ষাৰ অধীনলৈ অনাৰ বাবে আইনৰ পৰিসৰত এই কাম কৰিব লাগিব বুলি তেওঁ সকীয়াই দিয়ে।
সাতাৰাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ মাৰাঠা ৰজা ছত্ৰপতি শিৱাজী মহাৰাজৰ বংশধৰ উদয়নৰাজে ভোছলেয়ে ছত্ৰপতি সম্ভাজিনগৰ জিলাত অৱস্থিত ঔৰংজেবৰ সমাধি আঁতৰোৱাৰ আহ্বান জনাইছিল।
ফডনাবিছে ভোছলেৰ এই দাবীৰ প্ৰতিধ্বনিত কৰিছিল যদিও আইনৰ পৰিকাঠামোৰ ভিতৰতে এই কাম কৰাটো প্ৰয়োজন বুলিও কয়।
বাতৰি অনুসৰি মুখ্যমন্ত্ৰীয়ে কয় যে, "আমি সকলোৱে একে কাম বিচাৰো, কিন্তু আইনৰ পৰিসৰৰ ভিতৰত কৰাটো প্ৰয়োজন কাৰণ ই এক সংৰক্ষিত স্থান। কিছু বছৰৰ আগতে কংগ্ৰেছৰ শাসনৰ সময়ত এই ঠাইখন এ এছ আই (আৰ্কিঅ'লজিকেল চাৰ্ভে অৱ ইণ্ডিয়া)ৰ সুৰক্ষাৰ অধীনত থোৱা হৈছিল।"
শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ বিধায়ক আবু অছিম আজমীয়ে মোগল সম্ৰাটজনক প্ৰশংসা কৰা মন্তব্যক লৈ বিতৰ্কৰ মাজতে ফাদনৱীছৰ এই মন্তব্য।
ঔৰংজেবক প্ৰশংসা কৰি দিয়া মন্তব্যৰ বাবে আজমীক যোৱা সপ্তাহত মহাৰাষ্ট্ৰৰ বিধানসভাৰ পৰা ২৬ মাৰ্চত বাজেট অধিৱেশনৰ শেষলৈকে নিলম্বন কৰা হৈছিল।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে কয় যে "আমাৰ আদৰ্শ আৰু জাতীয় বীৰ" মহাৰাণা প্ৰতাপ, বীৰ শিৱাজী আৰু গুৰু গোবিন্দ সিং, আকবৰ বা ঔৰংজেব নহয়।
"আকবৰ কেতিয়াও নায়ক হ'ব নোৱাৰে। আকবৰেই হওক বা ঔৰংজেবেই হওক, হিন্দুৰ প্ৰতি তেওঁলোকৰ মানসিকতা একেই আছিল। ভাৰতৰ চিৰন্তন পৰম্পৰাক ভৰিৰে গচকিবলৈ বহু ষড়যন্ত্ৰ ৰচনা কৰিছিল।" - তেওঁ কৈছিল।
দাদ্ৰীত বীৰ শিৰোমণি মহাৰাণা প্ৰতাপৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰল্গৰাকীয়ে। তেওঁ কৈছিল যে ২০ হাজাৰ সৈন্যৰে লাখ লাখ সৈন্যৰ সৈতে যুঁজ দিয়া এজন যোদ্ধাহে “আমাৰ প্ৰকৃত নায়ক” হ’ব পাৰে।