মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেয়ে দেৱেন্দ্ৰ ফাডনাভিছ আৰু অজিত পাৱাৰৰ সৈতে বিজয় উদযাপন কৰে
মুম্বাই/ৰাঞ্চী
ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মহাযুতি মিত্ৰজোঁটে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বৃহৎ জয়ৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন INDIA ব্লকে ঝাৰখণ্ডত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। দুয়োখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল শনিবাৰে ঘোষণা কৰা হয়।
বিহাৰ আৰু অসমত বিধানসভাৰ উপ-নিৰ্বাচনতো ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (NDA) বিৰোধীপক্ষক বিধ্বস্ত কৰাৰ বিপৰীতে পশ্চিম বংগত উপ-নিৰ্বাচনত তৃণমূল কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰে। প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৱায়ানাড সংসদীয় উপনিৰ্বাচনত তেওঁৰ জীৱনৰ প্ৰথম নিৰ্বাচনত বিজয় ৰচনা কৰে।
গণনাৰ অন্তিম পৰ্যায় অব্যাহত থকাৰ সময়ত মহাৰাষ্ট্ৰৰ মহাযুতি নামেৰে পৰিচিত NDAয়ে ২৩৬খন আসন লাভ কৰিছে। ২৮৮ জনীয়া সদনত ১৩২খন আসন লাভ কৰি বিজেপিয়ে ৰাজ্যখনত সৰ্ববৃহৎ দল হৈ পৰিছে।
২০ নৱেম্বৰত মহাৰাষ্ট্ৰই একক পৰ্যায়ত ২৮৮খন আসনৰ বাবে ভোটদান হৈছিল। ঝাৰখণ্ডৰ ৮১খন আসনৰ বাবে দুটা পৰ্যায়ত -- ১৩ আৰু ২০ নৱেম্বৰত -- ভোটদান হৈছিল ।
মহাৰাষ্ট্ৰত প্ৰতিদ্বন্দিতা দ্বিমেৰু আছিল। মহাযুতি মিত্ৰজোঁটে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মহা বিকাশ আঘাদী (MVA)ৰ লক্ষ্য আছিল ৰাজ্যখনৰ শাসকীয় মিত্ৰজোঁটৰ পৰা নিয়ন্ত্ৰণ কাঢ়ি লোৱা। মুঠতে ২৩৫খন আসনেৰে জয়লাভ কৰিলে মহাযুতি মিত্ৰজোঁট। ৪৯খন আসনত MVAয়ে জয়লাভ কৰাৰ বিপৰীতে চাৰিখন আসন আনৰ হাতত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ঐতিহাসিক’ মহাৰাষ্ট্ৰৰ জয়লাভক "উন্নয়ন আৰু সুশাসন"ৰ জয় বুলি প্ৰশংসা কৰে।
“এই মৰম আৰু স্নেহ অতুলনীয়। মই ৰাইজক আশ্বাস দিছো যে আমাৰ মিত্ৰজোঁটে মহাৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কাম কৰি যাব। জয় মহাৰাষ্ট্ৰ!” এক্সত লিখিছে মোদীয়ে।
২০১৯ৰ বিধানসভা নিৰ্বাচনত বিজেপি-শিৱসেনা (অবিভক্ত)ই সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। এই মিত্ৰতা বেছি দিন নাথাকিল, শিৱসেনাই আঁতৰি আহি ৰাজ্যখনত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিলে। বিগত পাঁচ বছৰত ৰাজ্যখনত তিনিজন ভিন্ন মুখ্যমন্ত্রী দেখা গৈছিল -- বিজেপিৰ দেৱেন্দ্র ফডনৱীছ, শিৱসেনাৰ (ইউ বি টি) উদ্ধৱ থাকৰে, আৰু শিৱসেনাৰ (এছ এইচ এছ) একনাথ শিন্দে৷
২০২৪ চনৰ লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত বিজেপিয়ে স্থান হেৰুৱাইছিল। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ২৫খন আসনৰ ভিতৰত ২৩খন আসনত জয়ৰ বিপৰীতে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰা ২৮খন আসনৰ মাত্ৰ ৯খন আসনতহে জয়ী হৈছিল।
ঝাৰখণ্ডত INDIA ব্লকৰ জয়
ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন INDIA ব্লকে ৮১ জনীয়া বিধানসভাৰ ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ ৫৬খন আসন লাভ কৰে। শাসকীয় মিত্ৰজোঁটে ২০১৯ চনৰ ফলাফলতকৈ উন্নত প্ৰদৰ্শন কৰিলে।
ঝাৰখণ্ডৰ INDIA ব্লকৰ মিত্ৰ দলসমূহৰ ভিতৰত আছে JMM, কংগ্ৰেছ, চিপিআই (এমএল)এল আৰু আৰজেডি। এন ডি এৰ অন্তৰ্গত বিজেপি, এজেএছইউপি, জেডি(ইউ) আৰু লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)।
হেমন্ত সোৰেনে ঝাৰখণ্ডত বিজয় উদযাপন কৰে
৩৪খন আসনত জয়লাভ কৰিছে জেএমএমে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কংগ্ৰেছে ১৬খন আসন লাভ কৰে। চাৰিখন আসনত জয়লাভ কৰে আৰজেডিয়ে।
এন ডি এত বিজেপিয়ে ২১খন আসন লাভ কৰে, আৰু এজেএছইউপি, জনতা দল-ইউনাইটেড আৰু এলজেপিয়ে এখনকৈ আসন লাভ কৰিছে।
২০১৯ চনৰ বিধানসভা নিৰ্বাচনত JMM ৩০খন আসনেৰে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে বিজেপিয়ে ২৫খন আসন লাভ কৰিছিল। কংগ্ৰেছে ১৬খন আসনত জয়লাভ কৰিছিল। কংগ্ৰেছ আৰু আৰজেডিৰ সহযোগত JMM চৰকাৰ গঠন কৰিছিল।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফলক শলাগ লৈ ইয়াক “সংবিধানৰ লগতে জল, জংগল, জমীনৰ সুৰক্ষাৰ জয়” বুলি অভিহিত কৰে।
প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৱায়ানাদৰ আসন দখল কৰাৰ উপৰিও সংসদীয় উপ-নিৰ্বাচনত কংগ্ৰেছৰ ৰবীন্দ্ৰ চৱনে ভাৰতীয় জনতা পাৰ্টিৰ সান্তুক হাম্বাৰ্ডেক পৰাস্ত কৰি মহাৰাষ্ট্ৰৰ নান্দেদ লোকসভা আসনত জয়লাভ কৰে।
৪৮টা বিধানসভাৰ উপ-নিৰ্বাচনত NDAয়ে অসম, বিহাৰ আৰু ৰাজস্থানত জয়লাভ কৰাৰ বিপৰীতে কৰ্ণাটকত কংগ্ৰেছে জয়লাভ কৰে। পশ্চিম বংগৰ উপ-নিৰ্বাচনত তৃণমূল কংগ্ৰেছে জয়। উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনত ভোটদান কৰা ৯খন আসনৰ ভিতৰত ৭খন আসনত বিজেপি নেতৃত্বাধীন NDAয়ে জয়লাভ কৰে।