মণিপুৰঃ মেইটেই গ্ৰুপ আৰম্বাই টেংগোলৰ আত্মসমৰ্পণ

Story by  atv | Posted by  [email protected] • 19 h ago
মণিপুৰঃ মেইটেই গ্ৰুপ আৰম্বাই টেংগোলৰ  আত্মসমৰ্পণ
মণিপুৰঃ মেইটেই গ্ৰুপ আৰম্বাই টেংগোলৰ আত্মসমৰ্পণ
 
নতুন দিল্লী
 
মণিপুৰৰ আৰামবাই টেংগোল নামৰ মেইটেই গোটৰ সদস্যসকলে ৰাজ্য চৰকাৰৰ হাতত অস্ত্ৰ-শস্ত্ৰ অৰ্পণ কৰিছে। ৰাজ্যৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই সকলো জনগোষ্ঠীক অবৈধভাৱে ৰখা যিকোনো অস্ত্ৰ সাত দিনৰ ভিতৰত স্বেচ্ছাই গতাই দিবলৈ কোৱাৰ পিছতে এই ঘটনা সংঘটিত হয়। এয়া হৈছে ৰাজ্যত চলি থকা জনগোষ্ঠীয় হিংসাৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাৰ অংশ।
 
ছ’চিয়েল মিডিয়াত দেখা গৈছে যে আৰম্বাই টেংগোলৰ সদস্যসকলে পিকআপৰ বহৰত আহি চৰকাৰক গতাই দিবলৈ বন্দুক আৰু মৰণাস্ত্ৰসমূহ লৈ আহিছিল।
ইয়াৰ পূৰ্বে গোটটোৱে উল্লেখ কৰিছিল যে কিছুমান চৰ্ত পূৰণ হ’লেহে তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিব। তেওঁলোকে ৰাজ্যপাল ভল্লাৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ দাবীসমূহ জনাইছিল যদিও সেই চৰ্তসমূহ কি সেই বিষয়ে তেওঁলোকে নিৰ্দিষ্ট কৰা নাছিল। গোটটোৰ কিছুমান দাবীৰ ভিতৰত আছিল, ম্যানমাৰৰ সৈতে সীমান্ত সুৰক্ষিত কৰা, ১৯৫১ চনক কাটঅফ বছৰ হিচাপে লৈ নাগৰিকপঞ্জী ৰূপায়ণ কৰা, কুকি গোটৰ সৈতে হোৱা চুক্তি আঁতৰোৱা, আৰু তেওঁলোকৰ সদস্যসকলৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰাটো নিশ্চিত কৰা।
 
মণিপুৰত ২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা এই হিংসাত্মক পৰিস্থিতিৰ ফলত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৬০ হাজাৰ লোক গৃহহীন হৈ পৰিছে। আৰামবাই টেংগোলে কুকি আদিবাসীক আক্ৰমণ কৰি ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। হিংসাত্মক ঘটনাৰ সময়ত আৰক্ষী থানাৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ লুণ্ঠন হৈছিল যদিও ৬ হাজাৰ লুণ্ঠন অস্ত্ৰৰ ভিতৰত প্ৰায় ২৫০০ অস্ত্ৰ উদ্ধাৰ হৈছে।
 
চলিত মাহত ৰাজ্যপাল ভল্লাৰ নিযুক্তিৰ পিছত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল।