মাৰ্কাজ ন'লেজ চিটিলৈ সেউজ আৰু বহনক্ষম স্মাৰ্ট চিটি বঁটা ২০২৫

Story by  atv | Posted by  [email protected] • 6 d ago
বঁটা গ্ৰহণৰ সময়ত মাৰ্কাজ ন'লেজ চিটিৰ কৰ্তৃপক্ষ
বঁটা গ্ৰহণৰ সময়ত মাৰ্কাজ ন'লেজ চিটিৰ কৰ্তৃপক্ষ
 
নতুন দিল্লী

মাৰ্কাজ ন'লেজ চিটি (Markaz Knowledge City)ৰ বহনক্ষম আৰু সৰ্বাংগীন নগৰীয়া আৰ্হি নিৰ্মাণৰ প্ৰচেষ্টাই স্বীকৃতি লাভ কৰিছে। এই প্ৰচেষ্টাৰ স্বীকৃতি হিচাপে প্ৰতিষ্ঠানটোৱে সেউজ আৰু বহনক্ষম স্মাৰ্ট চিটি বঁটা ২০২৫ (Green and Sustainable Smart City Award 2025) বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। Smart Cities India Awardsৰ তৰফৰ পৰা মাৰ্কাজ ন'লেজ চিটিক এই বঁটা প্ৰদান কৰা হয়। 
 
ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচন, ভাৰত চৰকাৰৰ বাণিজ্য বিভাগ, আৰু এগজিবিচন ইণ্ডিয়া গ্ৰুপৰ যৌথ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাৰ্কাজ ন'লেজ চিটিয়ে এই বঁটা গ্ৰহণ কৰে। ২৮খন দেশৰ প্ৰায় ৫০ হাজাৰ লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় গড়কাপ্তানী আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী।
 
উজ্জয়িন স্মাৰ্ট চিটি লিমিটেড (Ujjain Smart City Limited) আৰু ঝান্সি স্মাৰ্ট চিটি লিমিটেড (Jhansi Smart City Limited)ৰ সৈতে মাৰ্কাজ ন'লেজ চিটিয়ে এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। চূড়ান্ত ৰাউণ্ডৰ মূল্যায়নৰ অন্তত মাৰ্কাজ ন'লেজ চিটিয়ে বঁটাটো জয় কৰি বহনক্ষম নগৰ উন্নয়নৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে নিজৰ মৰ্যাদা পুনৰ দৃঢ় কৰিলে।
 
কেৰালাৰ কালিকাট জিলাত অৱস্থিত Markaz Knowledge City-য়ে গ্ৰাম্য-নগৰীয়া সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰম্পৰাগত স্মাৰ্ট চিটি প্ৰকল্পৰ পৰা পৃথককৈ কাম কৰি আহিছে। অতিমাত্ৰা ভিৰ আৰু প্ৰদূষণত অৰিহণা যোগোৱা মেট্ৰ’ ভিত্তিক উন্নয়ন প্ৰকল্পৰ বিপৰীতে ই বিকেন্দ্ৰীকৃত নগৰায়নৰ এক অনন্য আৰ্হি অনুসৰণ কৰে।
 
মাৰ্কাজ ন'লেজ চিটিৰ চিইঅ' আব্দুল ছালাম মহম্মদ
 
ইয়াৰ আশে-পাশে থকা ৪০খন গাঁওক ইয়াৰ অৰ্থনৈতিক আৰু সামাজিক কাঠামোত একত্ৰিত কৰি Markaz Knowledge City-এ ভাৰসাম্য বিকাশ নিশ্চিত কৰাৰ লগতে চহৰলৈ মানুহৰ প্ৰব্ৰজন হ্ৰাসত সহায় কৰে। এই পদ্ধতি ভাৰত চৰকাৰৰ PURA (Providing Urban Amenities to Rural Areas) পদক্ষেপৰ সৈতে মিল আছে, যাৰ লক্ষ্য হৈছে গ্ৰাম্য অঞ্চললৈ নগৰ পৰ্যায়ৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক সুযোগ আনি চহৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা।
 
Markaz Knowledge City-ৰ সফলতাৰ এটা মূল কাৰক হৈছে পৰিৱেশ বহনক্ষমতাৰ প্ৰতি ইয়াৰ দায়বদ্ধতা। প্ৰতিষ্ঠানটোৱে নবীকৰণযোগ্য শক্তি, উন্নত পানী পুনঃব্যৱহাৰ, বৰষুণৰ পানী সংগ্ৰহ, আৰু পানীৰ অপচয় হ্ৰাস কৰিবলৈ ভূগৰ্ভস্থ গ্ৰাউণ্ডৱাটাৰ ৰিচাৰ্জ ছল্যুচনছৰ দৰে কাম কৰে। ৪০% সেউজ স্থান কভাৰেজ আৰু শক্তি-দক্ষ অট্টালিকাৰ সৈতে ই কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস কৰে।
 
আন্তঃগাঁথনিৰ বাহিৰেও মাৰ্কাজ ন'লেজ চিটিয়ে অৰ্থনৈতিক সবলীকৰণকো আগুৱাই লৈ গৈছে। ই এনে এখন বজাৰ সৃষ্টি কৰিছে যিয়ে গ্ৰাম্য উৎপাদকসকলক নগৰীয়া গ্ৰাহকৰ সৈতে সংযোগ কৰে, ওচৰৰ গাঁওসমূহৰ বাবে আয়ৰ এক সুস্থিৰ উৎস নিশ্চিত কৰে।
 
এই পদক্ষেপৰ লক্ষ্য হৈছে ২০ হাজাৰ পৰিয়ালক ইউনিভাৰ্চেল বেচিক ইনকাম (ইউবিআই) প্ৰদান কৰা, যাৰ ফলত প্ৰায় এক লাখ গাঁৱৰ লোক উপকৃত হয়। খাদ্য, বস্ত্ৰশিল্প, আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত স্থানীয় উদ্যোগসমূহক প্ৰসাৰিত কৰি এই প্ৰকল্পই ৰাজসাহায্যৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু গ্ৰাম্য স্বাৱলম্বীতা বৃদ্ধি কৰিব।