শ্ৰীনগৰ
শনিবাৰে জম্মু-কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ ৰিজ’ৰ্ট টাউন সোণামাৰ্গৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। এখন ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ হোৱা এই অগ্নিকাণ্ড ওচৰৰ দোকানবোৰলৈ বিয়পি পৰা বুলিও তেওঁলোকে জানিবলৈ দিয়ে।
বিষয়াসকলে লগতে কয় যে, অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ কাম কৰি আছিল। যিহেতু সোণমাৰ্গ এক জনপ্ৰিয় পৰ্যটন স্থলী। বছৰৰ সকলো সময়তে দেশী তথা বিদেশী পৰ্যটকেঅৰে ভৰি থাকে সোণমাৰ্গ।
এক্স'ত এক পোষ্টত গাণ্ডাৰবালৰ উপ আয়ুক্তই কয় যে, গুণ্ড কাংগান, সেনা, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় বাসিন্দাকে ধৰি অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি জৰুৰীকালীন কৰ্মীসকলে জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে।
বিষয়াগৰাকীয়ে কয় যে, "স্থানত পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণৰ অভিযান পূৰ্ণগতিত চলি আছে আৰু অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰা হৈছে। জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে।"
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে, তেওঁ স্থানীয় বিষয়াৰ সৈতে যোগাযোগ কৰি সহায় নিশ্চিত কৰা হৈছে। এক্সত আব্দুল্লাই কয় যে, "মোৰ কাৰ্যালয়ে স্থানীয় প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ কৰি আছে, যাতে সকলো সম্ভাৱ্য সহায় আৰ্তজনৰ ওচৰলৈ যায়। মোৰ চিন্তা আৰু প্ৰাৰ্থনা ক্ষতিগ্ৰস্ত পৰিয়াল আৰু ব্যৱসায়ীসকলৰ সৈতে আছে। এই কঠিন সময়ত আমি আপোনালোকৰ সৈতে সংহতিৰে থিয় দিছো আৰু আপোনালোকৰ আৰোগ্যক সমৰ্থন কৰিবলৈ সকলো সম্ভৱ কৰি যাম।"