নতুন দিল্লী
১৮ ফেব্ৰুৱাৰীত অৰ্থাৎ মঙলবাৰে অৱসৰ ল’বলগীয়া মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ উত্তৰাধিকাৰীক বাছনি কৰিবলৈ সোমবাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তিনিজনীয়া বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। দক্ষিণ ব্লকত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়। বাছনি সমিতিৰ বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰীৰ মনোনীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
২০২৩ চনৰ ডিচেম্বৰৰ পৰা বলৱৎ হোৱা মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত আইন ২০২৩ৰ অধীনত এইটোৱেই হ’ব মুখ্য নিৰ্বাচনী আয়ুক্তৰ প্ৰথম নিযুক্তি। এই ব্যৱস্থাৰ অধীনত ২০২৪ চনৰ মাৰ্চ মাহত এছ এছ সন্ধু আৰু জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল। অৰুণ গোৱেলৰ পদত্যাগ আৰু অনুপ চন্দ্ৰ পাণ্ডেৰ অৱসৰৰ পিছত খালী পদ পূৰণৰ বাবে উপায়ুক্ত দুগৰাকীক নিযুক্তি দিয়া হয়।
বিদায়ী চিইচিৰ সৈতে আলোচনাৰ পিছত চিইচি আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে নতুন বিধিগত বিধান প্ৰৱৰ্তনৰ পূৰ্বে বাকী থকা নিৰ্বাচন আয়ুক্ত দুজনৰ ভিতৰত সৰ্বাধিক জ্যেষ্ঠক সাধাৰণতে শীৰ্ষ পদলৈ উন্নীত কৰা হৈছিল। কিন্তু সংশোধিত বাছনি প্ৰক্ৰিয়াৰ অধীনত এতিয়া বাছনি পেনেলৰ ভিতৰত সংখ্যাগৰিষ্ঠতা বা সহমতৰ সিদ্ধান্তৰ ভিত্তিত নিযুক্তি দিয়া হয়।
বিশেষকৈ ভাৰতৰ মুখ্য ন্যায়াধীশক পূৰ্বৰ নিয়মৰ দৰে পেনেলত অন্তৰ্ভুক্ত নকৰাৰ বাবে নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কীয় কেইবাটাও আবেদন উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ আছে। ১৯ ফেব্ৰুৱাৰীত এই আবেদনসমূহৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে। তিনিজনীয়া বাছনি পেনেলে নতুন চিইচি বাছি লয় নে বৰ্তমানৰ নিৰ্বাচন আয়ুক্তসকলৰ এজনক এই পদত উন্নীত কৰাৰ সিদ্ধান্ত লয় সেয়া হে লক্ষণীয় হ’ব।
যদি তেওঁলোকে প্ৰথম বিকল্পৰ বাবে যায় তেন্তে কাৰ্যকাল ছবছৰ হোৱাৰ বাবে ২০২৯ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব নতুন চিইচিয়ে। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব নতুন চিইচিয়ে; ২০২৬ চনত অসম, কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ নিৰ্বাচন; আৰু ২০২৭ চনত গোৱা, মণিপুৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ, গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচন।
ইফালে, ১৯ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ নকৰালৈকে কেন্দ্ৰীয় চৰকাৰে নতুন চিইচি নিৰ্বাচনৰ বৈঠক স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়ে কংগ্ৰেছে। কংগ্ৰেছ নেতা অজয় মাকেনে কয়, "আজি মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰ্বাচন সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়। যিহেতু উচ্চতম ন্যায়ালয়ে কৈছিল যে, ১৯ ফেব্ৰুৱাৰীত বিষয়টোৰ শুনানি হ'ব আৰু কমিটীৰ সংবিধান কেনেকুৱা হ'ব লাগে সেই সম্পৰ্কে সিদ্ধান্ত লোৱা হ'ব। এনে পৰিস্থিতিত আজিৰ বৈঠক পিছুৱাই দিয়া উচিত আছিল।"