চেন্নাই
দেওবাৰে চেন্নাইত অনুষ্ঠিত দলটোৰ সাধাৰণ পৰিষদৰ বৈঠকত ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াত অনুষ্ঠিত হোৱা নৱগঠিত সাধাৰণ পৰিষদত ডি এম কেয়ে ষ্টেলিনক দলৰ শীৰ্ষ পদত বিনা বিৰোধিতাৰে নিৰ্বাচিত বুলি ঘোষণা কৰে।
দলৰ প্ৰবীণ দ্বাৰাইমুৰুগান আৰু টি আৰ বালুক সৰ্বসন্মতিক্ৰমে সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়।
তিনিওজন নেতা দ্বিতীয়বাৰৰ বাবে নিজৰ পদত নিৰ্বাচিত হৈছে।
ইয়াত সাধাৰণ পৰিষদৰ সভাস্থলীত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ সময়ত তেওঁক দলীয় কৰ্মীসকলে এক উত্তেজনাপূৰ্ণ সম্বৰ্ধনা জনাই।
সমগ্ৰ ৰাজ্যতে বিভিন্ন পৰ্যায়ত দলীয় পদৰ নিৰ্বাচনৰ পিছত ডি এম কেৰ ১৫ সংখ্যক সাংগঠনিক নিৰ্বাচনৰ অংশ হিচাপে দলৰ সভাপতি, সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ নিৰ্বাচিত কৰা হয়।
ডি এম কেৰ কোষাধ্যক্ষ, যুৱ শাখাৰ সম্পাদককে ধৰি দলীয় কেইবাটাও পদত অধিষ্ঠিত হৈছে প্ৰয়াত দলীয় পিতৃপুৰুষ এম কৰুণানিধিৰ কনিষ্ঠ পুত্ৰ ৬৯ বছৰীয়া শীৰ্ষ নেতাগৰাকীয়ে।
কৰুণানিধিৰ মৃত্যুৰ পিছত ২০১৮ চনত ষ্টেলিন দলৰ সভাপতি হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছিল। ষ্টেলিন ডি এম কেৰ দ্বিতীয়জন সভাপতি।
১৯৬৯ চনত কৰুণানিধি ডি এম কেৰ প্ৰথম সভাপতি হয় আৰু সেইয়াই প্ৰথমবাৰৰ বাবে দলটোত সভাপতি পদ সৃষ্টি কৰা হয়। দ্ৰাবিড় আন্দোলনৰ আইকন আৰু ডি এম কেৰ প্ৰতিষ্ঠাপক চি এন আন্নাদুৰাই আছিল দলৰ সাধাৰণ সম্পাদক, ১৯৬৯ চনত তেওঁৰ মৃত্যুৰ আগলৈকে শীৰ্ষ পদত আছিল। ১৯৪৯ চনত ডি এম কে প্ৰতিষ্ঠা কৰা হৈছিল।