জলপাইগুৰি
গৰ্বা উদযাপনৰ সময়ত ইছলামধৰ্মী লোকসকলক শিলগুটি নিক্ষেপ কৰা আৰু হাৰাশাস্তি কৰা দুৰ্ভাগ্যজনক কাহিনীয়ে ভুল শিৰোনাম দখল কৰাৰ মাজতে মহম্মদ মানিকে দেখুৱাইছে হিন্দু-মুছলমান ভাতৃত্ববোধৰ এক বিৰল নিদৰ্শন।
পেছাত ২৮ বছৰীয়া কমাৰজনে বিজয়া দশমীৰ দিনা দুৰ্গা বিসৰ্জনৰ সময়ত পশ্চিমবংগৰ জলপাইগুৰিত ৯ জন ভক্তৰ প্ৰাণ ৰক্ষা কৰে। উক্ত দিনটোত মালি নদীত হঠাৎ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত ১০ জন লোক পানীত উটি সন্ধানহীন হয়।
দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে নৈৰ পাৰত সমবেত হোৱা হাজাৰ হাজাৰ লোকৰ ভিতৰত উপস্থিত আছিল মানিক।
একাংশ ভক্তক উটুৱাই নিয়াৰ সময়ত বহুতে অসহায়ভাৱে চাই থকাৰ সময়তে মানিকে নিজৰ জীৱনৰ কথা এবাৰো নভবাকৈ নৈৰ সোঁতত উটি যোৱা ভক্তসকলক উদ্ধাৰ কৰিবলৈ নদীত জপিয়াই পৰে।
বন্ধুৰ হাতত মোবাইল গতাই দি নৈৰ সোঁতত উটি যোৱা ভক্তসকলক উদ্ধাৰ কৰা সিদ্ধান্ত লোৱা সেই মুহূৰ্তৰ কথা বৰ্ণনা কৰি মাণিকে কয়, “মই দেখিলোঁ যে মানুহে সহায় বিচাৰি কান্দিছে। যিসকলক মই ধৰিব পাৰিলোঁ, মই সেইসকলক উদ্ধাৰ কৰি পাৰলৈ টানি আনিছিলোঁ।”
আনকি সোঁ ভৰিৰ আঙুলিৰ কটা যোৱাৰ পিছতো তেওঁ মানুহক উদ্ধাৰ কৰাৰ বাবে জঁপিয়াই পৰিছিল। তেওঁ খৰধৰকৈ তেজ ওলোৱা ভৰিৰ আঙুলিটোত ৰুমাল এখন বান্ধি পুনৰ নদীত জপিয়াই পৰি আৰু অধিক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
দেৱী বিসৰ্জনৰ সময়ত হোৱা ঘটনাৰ দৃশ্য
পশ্চিম তেচিমালা গাঁৱৰ বাসিন্দা মানিকে প্ৰতি বছৰে দুৰ্গা পূজা উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে।
তেওঁৰ এই নিস্বাৰ্থ কাৰ্য্যই প্ৰশংসা লাভ কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰকৃত ছবি সুন্দৰ ভাবে দাঙি ধৰিবলৈ সক্ষম হৈছে।