নতুন দিল্লী
দেশজুৰি ক্রমাৎ বৃদ্ধি পোৱা চাইবাৰ অপৰাধ আৰু ডিজিটেল এৰেষ্টৰ ঘটনাসমূহক লৈ উদ্বিগ্ন হৈ পৰিছে সাংসদসকল। সদ্যসমাপ্ত সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত দেশৰ ৪১ গৰাকী সাংসদে চাইবাৰ অপৰাধক লৈ বিভিন্ন প্রশ্ন উত্থাপন কৰা দেখা যায়। অধিকাংশ প্রশ্নতে এই তথ্য জানিব খোজা হয় যে চাইবাৰ অপৰাধ এতিয়া দেশত কোনটো পর্যায়ত আছে।
আনহাতে চৰকাৰে এয়া প্ৰতিৰোধৰ বাবে কেনেধৰণৰ প্ৰচেষ্টা হাতত লৈছে, সেই বিষয়েও প্রশ্ন কৰে ৪১ গৰাকী সাংসদে। আনকি কিমান লোক এতিয়ালৈকে দেশত চাইবাৰ অপৰাধৰ বলি হৈছে, সেই তথ্যও জানিব খোজে সাংসদকেইগৰাকীয়ে। বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে আনকি সীমান্তৰ সিপাৰৰ পৰা চাইবাৰ অপৰাধ বৃদ্ধি পোৱা, কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰাজীৱ শুক্লাই ডিজিটেল প্লেটফৰ্মৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিব লাগে বুলিও দাবী জনায়।
যোৱা ২৭ নৱেম্বৰত ৰাজ্যসভাত চাইবাৰ অপৰাধক লৈ কেইবাজনো সাংসদে চিন্তা প্রকাশ কৰা দেখা যায়। সেইদৰে ৩ ডিচেম্বৰত লোকসভাত আৰু ১০ ডিচেম্বৰত নিম্ন সদনতো একেই প্রশ্ন উত্থাপন হয়। ১১ ডিচেম্বৰত ৰাজ্যসভাত বিভিন্নজনে একেই প্রশ্ন উত্থাপন কৰা দেখা যায়।