মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাউৰ ৰানাক ফাঁচী দিয়ক: তৌফিক মহম্মদ

Story by  atv | Posted by  [email protected] • 2 d ago
তৌফিক মহম্মদ
তৌফিক মহম্মদ
 
ফজল পাঠান / মুম্বাই
 
১৬ বছৰ পূৰ্বে ২৬ নৱেম্বৰত যেতিয়া পাকিস্তানী সন্ত্ৰাসবাদীয়ে নৰিমান হাউচ, কামা হস্পিতাল, তাজ হোটেল, ওবেৰয় হোটেল, ছাত্ৰপতি শিৱাজী টাৰ্মিনাছ আৰু লিওপল্ড কেফেক লক্ষ্য কৰি কৰা আক্ৰমণত ১৬৬ জন লোকৰ মৃত্যু হৈছিল, সেই সময়ত সন্ত্ৰাসবাদীৰ গুলীৰ পৰা সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল মহম্মদ তৌফিক শ্বেখ।
 
যিগৰাকী ব্যক্তিক সম্প্ৰতি চোটু চাইৱালা নামেৰে বিখ্যাত। ছেইণ্ট জৰ্জ হাস্পতালৰ সন্মুখত চাহ বিক্ৰী অব্যাহত থকাৰ সময়তে তেওঁ আক্ৰমণৰ অন্যতম মূল পৰিকল্পনাকাৰী তাহাউৰ ৰানাৰ কথা উল্লেখ কৰি চিন্তাশীল হৈ পৰে, যিজনক আমেৰিকাৰ পৰা বিচাৰৰ সন্মুখীন হ’বলৈ ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছে।
 
সেই অতি দূৰ্ভাগ্যজনক দিনটোত ৰেলৱে ষ্টেচনত উপস্থিত থকাৰ বাবে তৌফিকে বহু লোকৰে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ তাহাউৰ ৰানাক ১৬ বছৰৰ পাছত ভাৰতলৈ অনা বুলি জানি তেওঁ কয়, "তেওঁক কোনো ধৰণৰ সকাহ দিয়া উচিত নহয়; বৰং তেওঁক ফাঁচী দিয়াহে উচিত।"
 
২৬/১১ মুম্বাই আক্ৰমণৰ তাজ হোটেলৰ দৃশ্য
 
২৬/১১ৰ আক্ৰমণৰ প্ৰত্যক্ষদৰ্শী তৌফিক মহম্মদক বিচলিত হোৱা যেন লাগিছিল। তেওঁ কয়, "চৰকাৰে তেওঁক কোনো সুবিধা দিব নালাগে, কাৰণ তেওঁ ২৬/১১ আক্ৰমণৰ মূল দোষী। তেওঁ কোনো নায়ক নহয়; তেওঁ এজন জন্তু সদৃশ ব্যক্তি। আক্ৰমণত কাৰোবাৰ মাক, কাৰোবাৰ ভগ্নী, কাৰোবাৰ ভাতৃ, বা কাৰোবাৰ পিতৃক হত্যা কৰা হৈছিল। তেওঁক দয়া কৰিব নালাগে আৰু তেওঁক পৃথকে কোঠাত আৱদ্ধ কৰি ৰাখিব লাগে, চৰকাৰে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰে ১৫ দিনৰ ভিতৰত এই সন্ত্ৰাসবাদীজনক ফাঁচী দিব লাগে।"
 
তৌফিকে কয়, "চৰকাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সুকীয়া আইন প্ৰণয়ন কৰিব লাগে। পাকিস্তানে এতিয়াও সন্ত্ৰাসবাদীক আশ্ৰয় দিয়ে ফলস্বৰূপে সাধাৰণ জনতাইও ক্ষতিগ্ৰস্ত হয়। ৰানাক ইমান কঠোৰ শাস্তি দিয়ক যে, বাকী সন্ত্ৰাসবাদীসকলে ভয়ত কঁপিবলৈ আৰম্ভ কৰে।"
 
তাহাউৰ ৰানা
 
সন্ত্ৰাসবাদীৰ কোনো জাতি-ধৰ্ম নাথাকে। তেওঁক কেৱল সন্ত্ৰাসবাদী বুলিয়ে ক’ব লাগে বুলি তৌফিকে কয়। তেওঁ কয়, "ৰানা আৰু মোৰ ধৰ্ম একে। ধৰ্মৰ নামত ৰানাই সেইসকল লোকক সহায় কৰিছিল যিসকলে নিৰীহ লোকৰ ওপৰত গুলীচালনা কৰিছিল। ইছলামে কাকো হত্যা কৰিবলৈ শিকোৱা নাই। ইছলামে শান্তি আৰু প্ৰেমৰ বাৰ্তা দিয়ে। ধৰ্মৰ নামত তেজ বোৱাই দিয়াটো ধৰ্মৰ শিক্ষা নহয়। আমি ভাৰতীয় মুছলমান হোৱাৰ বাবে গৌৰৱান্বিত। প্ৰতিজন সন্ত্ৰাসবাদীয়ে কঠোৰ শাস্তি পাব লাগে।"
 
পাকিস্তানী সন্ত্ৰাসবাদীয়ে নিৰ্দয়ভাৱে মানুহক হত্যা কৰিছিল। আক্ৰমণৰ এই দিনটো গোটেই ষ্টেচনটো নিস্তব্ধ হৈ পৰি ৰৈছিল। মানুহে নিজৰ জীৱন ৰক্ষা কৰি আছিল। তেওঁলোকক সহায় কৰিবলৈ কোনো নাছিল। সেই সময়ৰ কথা কওঁতে তৌফিকে কয়, "তেওঁলোকৰ লগত থকা বন্দুকবোৰ দেখি মই প্ৰথমে ভাবিছিলো যে, তেওঁলোক কমাণ্ডো। কিন্তু তেওঁলোকে নিৰ্দয়ভাৱে মানুহক হত্যা কৰিবলৈ ধৰিছিল। তেওঁলোক কোনো মানুহ নাছিল, তেওঁলোক দানৱ আছিল। তেওঁলোকৰ এজন (কাছাব) মোৰ ফালে আহি আছিল। তেওঁ মোক গালি-গালাজ কৰিছিল। মই ভাবিছিলো যে, মোকো হত্যা কৰা হ'ব।"
 
তেওঁ লগতে কয়, "গুলিৰ ফলত দুৱাৰ-খিৰিকীবোৰৰ গ্লাছ ভাঙি গৈছিল। গোটেই ষ্টেচনটো তেজেৰে ভৰি পৰিছিল। মানুহে নিজৰ জীৱন ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছিল। বহুলোক আহত হৈছিল। মই আহত লোকসকলক বচাব বিচাৰিছিলো। মই আহত লোকসকলক গাড়ী এখনত উঠাই লৈ ছেইণ্ট জৰ্জ হাস্পতাল আৰু বাইকুলা ৰেলৱে হাস্পতাললৈ লৈ গৈছিলো। এইদৰে বহু লোকৰ জীৱন ৰক্ষা কৰা পৰিছিল।"
এই ঘটনাটো অতি ভয়ংকৰ আছিল যদিও তৌফিকে সাহসেৰে পৰিস্থিতি চম্ভালি লৈছিল। মানৱতাক শীৰ্ষত ৰাখি তেওঁ জাতি-ধৰ্ম নেচাই মানুহৰ জীৱন ৰক্ষা কৰিছিল। ইয়াৰ বাবে তেওঁক ২৭টা পুৰস্কাৰ আৰু কিছু আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। তৌফিকে আজিও একে ঠাইতে চাই বিক্ৰী কৰি আছে।
 
তৌফিকে কয়, "২৬/১১ৰ নিশা মই ৰে'লৱে ষ্টেচনলৈ গৈছিলো আৰু তাত চাহ বিক্ৰী কৰি গ্ৰাহকৰ পৰা টকা সংগ্ৰহ কৰি আছিলো। তাত ৪০০০ৰো অধিক মানুহ আছিল। টিকট কিনিবলৈ গ্ৰাহকৰ হেতাওপৰা লাগিছিল, গতিকে টিকট মাষ্টৰে মোক অলপ পিছত টকা সংগ্ৰহ কৰিবলৈ কৈছিল। মই ষ্টেচনৰ বাহিৰত থিয় হৈ আছিলো। মোৰ এতিয়াও মনত আছে, সেইদিনা ভাৰত আৰু ইংলেণ্ডৰ মাজত ক্ৰিকেট মেচ চলি আছিল। কিছু সময়ৰ পিছত হঠাতে এটা প্ৰকাণ্ড শব্দ শুনিবলৈ পালোঁ। ষ্টেচনৰ ভিতৰত ফটকা ফুটুৱা সদৃশ শব্দ।"


শেহতীয়া খবৰ