নতুন দিল্লী
কেন্দ্রীয় চৰকাৰৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পর্যায়ত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব'র্ডে। সংগঠনটোৰ ৩১ জনীয়া সদস্যৰ একচন কমিটীয়ে চৰকাৰৰ এই সংশোধনী বিধেয়কক একে আষাৰে বিতর্কিত, বৈষম্যমূলক আৰু ক্ষতিকাৰক আখ্যা দি ইয়াক তীব্র ভাষাৰে বিৰোধিতা কৰিছে।
সংগঠনটোৱে গ্ৰহণ কৰা আন্দোলনৰ অংশ হিচাপে অহা ২৬ আৰু ২৯ মার্চত অৱস্থান ধৰ্মঘটৰ আহ্বান জনাইছে। ২৬ মাৰ্চত পাটনাত বিহাৰ বিধানসভাৰ সন্মুখত আৰু ২৯ মাৰ্চত অন্ধ্রপ্রদেশৰ বিজয়ৱাড়াত অৱস্থান ধর্মঘট কৰিব বুলি ঘোষণা কৰিছে। এই অৱস্থান ধর্মঘটলৈ বিভিন্ন সংগঠন নেতাক যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছে।
পাটনাৰ অৱস্থান ধর্মঘটলৈ আনকি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কংগ্রেছ, লোক জনশক্তি পার্টি, আৰ জে ডি আৰু জনতা দল ইউৰ নেতাসকলকো আমন্ত্রণ জনোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ দলিত, আদিবাসী আৰু অ'বিচি জনগোষ্ঠীৰ ভালেসংখ্যক নেতাকো আন্দোলনত যোগদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
সেই সংগঠনসমূহৰ একাংশই পাটনাৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত যোগদান কৰিব বুলি নিশ্চয়তা প্রদান কৰিছে। সেইদৰে অন্ধ্রপ্রদেশৰ বিজয়ৱাড়া আন্দোলনলৈও ৰাজ্যখনৰ টি ডি পি, বাই এছ আৰ কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহলৈও আমন্ত্রণপত্ৰ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য, মুছলমান সমাজৰ ধৰ্মকেন্দ্রিক এই সংগঠনটোৱে ইয়াৰ পূৰ্বে যোৱা ১৭ মার্চতো একেটা দাবীত নতুন দিল্লীত ব্যাপক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।
এই প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে ৰাজনৈতিক দলসহ বিভিন্ন সংগঠন আৰু জনসাধাৰণৰ সমর্থন আদায় কৰাৰ লগতে চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰিব খোজা হৈছে। কেন্দ্রীয় চৰকাৰে ৱাকফ সংশোধনী বিধেয়কৰ জৰিয়তে মুছলমান সমাজৰ ধর্মকেন্দ্রিক সম্পদসমূহৰ কর্তৃত্বৰ ক্ষেত্ৰত কেতবোৰ সংস্কাৰ সাধন কৰাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে, যদিও ইয়াক লৈ আৰম্ভণিৰ পৰাই বিতৰ্কৰ সূত্রপাত হয়।