মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰাৰ এক মূহুৰ্ত
গুৱাহাটী
হিংসা জৰ্জৰিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। সংঘৰ্ষগ্ৰস্ত ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি চৰকাৰখনে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ অনাস্থা প্ৰস্তাৱ আৰু ফ্ল'ৰ টেষ্টৰ সম্ভাৱনাৰ সন্মুখীন হোৱাত মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰে।
বিজেপিৰ আন আন নেতা-বিধায়কৰ উপস্থিতিত ৰাজভৱনত ৰাজ্যপালৰ ওচৰত দাখিল কৰা পত্ৰখনত সিঙে কয় যে, "এতিয়ালৈকে মণিপুৰৰ জনসাধাৰণৰ সেৱা কৰাটো মোৰ বাবে এক গৌৰৱৰ বিষয়। সময়ৰ কাৰ্য্য, হস্তক্ষেপ, উন্নয়নমূলক কাম আৰু প্ৰতিটো মণিপুৰৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি মই অত্যন্ত কৃতজ্ঞ।"
নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মণিপুৰলৈ উভতি অহাৰ পিছতে বীৰেন সিঙৰ পদত্যাগ কৰিছে। মণিপুৰ বিধানসভাত বিজেপিৰ ৩২ জন বিধায়কৰ লগতে নগা পিপলছ ফ্ৰণ্টৰ ৫ জন আৰু জেডি ইউৰ ৬ জন বিধায়কৰ অতিৰিক্ত সমৰ্থন আছে।
মিত্ৰ কনৰাড চাংমাৰ নেশ্যনেল পিপলছ পাৰ্টিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতো বিজেপিয়ে আৰামদায়ক সংখ্যাগৰিষ্ঠতা বজাই ৰাখিছে। অৱশ্যে অনুমান কৰা হৈছে যে, ৰাজ্যখনত নেতৃত্ব পৰিৱৰ্তনৰ বাবে ওকালতি কৰা বিধায়কসকলে ফ্ল'ৰ টেষ্টৰ ক্ষেত্ৰত দলীয় হুইপক অমান্য কৰিব পাৰে। সেই সম্ভাৱনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে।
আজি পুৱা মুখ্যমন্ত্ৰী সিঙে দিল্লীলৈ গৈছিল য’ত তেওঁ দলৰ মুৰব্বী জে পি নাড্ডা আৰু ইয়াৰ মুখ্য কৌশলবিদ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল।
মণিপুৰৰ ৬০ জনীয়া বিধানসভাত কংগ্ৰেছৰ ৫ খন আসন থকাৰ বিপৰীতে বিৰোধী নেশ্যনেল পিপলছ পাৰ্টিৰ ৭ জন বিধায়ক আছে। ইয়াৰ উপৰিও কুকি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা তিনিজন স্বতন্ত্ৰ বিধায়ক আৰু দুজন সদস্য আছে। উল্লেখযোগ্য যে, ১০ ফেব্ৰুৱাৰী সোমবাৰৰ পৰা দ্বাদশ মণিপুৰ বিধানসভাৰ সপ্তম অধিৱেশন আৰম্ভ হোৱাৰ কথা আছে।
২০২৩ চনৰ মে’ মাহত সংঘটিত হোৱা জাতিগত হিংসাৰ সৈতে যুঁজি আছে মণিপুৰ, য’ত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। বিজেপি চৰকাৰে এই সংকটৰ মোকাবিলা কৰাক লৈ তদন্তৰ আওঁতালৈ আহিছে।
পদৰ পৰা পদত্যাগ কৰাৰ এদিন পূর্বে বীৰেণ সিঙে আশ্বাস দিয়ে যে, তেওঁৰ চৰকাৰে সংঘাতময় উত্তৰ-পূর্বাঞ্চল ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ লগতে জনসাধাৰণে যাতে পূর্বৰ দৰে একেলগে বাস কৰে, তাৰ বাবে সকলো প্রচেষ্টা অব্যাহত ৰাখিছে৷ ৰাজ্য চৰকাৰে শান্তি ঘূৰাই অনাৰ বাবে আৰু জনসাধাৰণে যাতে আগৰ দৰে শান্তিপূৰ্ণভাৱে একেলগে জীয়াই থাকে তাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে বুলিও তেওঁ কয়।