উত্তৰ-পূবত অস্তিত্বৰ সংকটত 'নেডা', দুবছৰে অনুষ্ঠিত হোৱা নাই কোনো বৈঠক

Story by  atv | Posted by  Munni Begum • 2 d ago
নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েঞ্চৰ এক সভা
নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েঞ্চৰ এক সভা
 
প্ৰিয়া শৰ্মা 
 
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অনা কংগ্ৰেছী ৰাজনৈতিক দল তথা শক্তিসমূহক একত্ৰিত কৰাৰ লক্ষ্যৰে বিজেপিয়ে গঠন কৰা মঞ্চ নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েঞ্চ (নেডা) অৰ্থাৎ উত্তৰ পূৱ গণতান্ত্ৰিক মৰ্চা এতিয়া নিজেই যেন সংকটৰ সন্মুখীন হৈছে৷ দীৰ্ঘদিন ধৰি কোনো ধৰনৰ কামকাজ, গতিবিধি, ৰাজনৈতিক তৎপৰতা নথকা এই মঞ্চৰ অস্তিত্বৰ প্ৰতিও আনকি প্ৰশ্ন উত্থাপন হৈছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছে যে, নেডাৰ অংশীদাৰ ৰাজনৈতিক দলসমূহৰ নেতাসকলেও আনকি ইয়াৰ অস্তিত্বক লৈ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে৷ তদুপৰি বিগত প্ৰায় এবছৰ ধৰি মণিপুৰত বিৰাজ কৰা হিংসাজৰ্জৰ পৰিস্থিতি আৰু এই বিষয়ত নেডাৰ মৌনতাই বিজেপি নেতৃত্বাধীন মৰ্চাৰ গতিবিধিক লৈ ৰাজনৈতিক মহলক ভাবিবলৈ বাধ্য কৰিছে৷  
 
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অকংগ্ৰেছী ৰাজনৈতিক দল তথা শক্তি সমূহক একত্ৰিত কৰাৰ লক্ষ্যৰে বিজেপিয়ে ২০১৬ চনৰ ২৪ মে'ত নেডা গঠন কৰিছিল৷ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ আহ্বায়কৰ দায়িত্ব দিয়া হয়৷ নেডাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা৷ নেডাৰ বৰ্তমানৰ অংশীদাৰ দলসমূহ এনে ধৰনৰ — বিজেপি,অসমৰ ৰাজনৈতিক দল ক্ৰমে অসম গণ পৰিষদ আৰু ইউ পি পি এল, মেঘালয়ৰ নেছনেল পিপলচ পাৰ্টি (এন পি পি), ইউনাইটেড ডেমক্ৰেটিক পাৰ্টি (ইউ ডি পি), হিল ষ্টেট পিপলচ ডেমক্ৰেটিক পাৰ্টি, ছিকিমৰ দল ছিকিম ক্ৰান্তিকাৰি মোৰ্চা, নগালেণ্ডৰ দল ক্ৰমে নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি, নগা পিপলচ ফ্ৰন্ট (এন পি পি), ত্ৰিপুৰাৰ তিপ্ৰা মথা পাৰ্টি, ইণ্ডিজেনিয়াছ পিপলচ ফ্ৰন্ট অফ ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ পিপলচ পাৰ্টি অফ অৰুণাচল আছে৷ ইয়াৰ বাহিৰেও নগালেণ্ডত একোজনকৈ বিধায়ক থকা দল ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া (আঠৱালে), লোক জনশক্তি পাৰ্টি (ৰাম বিলাস পাছোৱান) আৰু জনতা দল (ইউ) আছে৷ 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
নেডা গঠন হোৱাৰ সময়ত ইয়াৰ সদস্য দল আৰু ইয়াৰ নেতৃত্ব বেলেগ আছিল, যদিও পৰিস্থিতিগত কাৰনত ই সলনি হৈছে৷ উদাহৰনস্বৰূপে ক'ব পাৰি যে, ২০১৬ চনত নেডা গঠন হোৱাৰ সময়ত অসমৰ পৰা বিজেপি আৰু অগপৰ উপৰি ইয়াৰ সদস্য হিচাপে আছিল বিপিএফ নামৰ ৰাজনৈতিক দলটো৷ কিন্তু পিছত বিপিএফে অসমত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি চৰকাৰৰ পৰা আঁতৰি যায়৷ ইয়াৰ স্থান লয় প্ৰমোদ বড়ো নেতৃত্বাধীন ৰাজনৈতিক দল ইউপিপিএল৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ জৰিয়তে অসমত পুনৰ ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ অংশীদাৰ দল হয় ইউপিপিএল৷ লগতে নেডাৰো সদস্য দল হয় এই ৰাজনৈতিক দলটো৷ 
 
ইয়াৰ বাহিৰেও উত্তৰ-পূৱৰ আন আন ৰাজ্যবোৰতো নেডাৰ সদস্যৰ ক্ষেত্ৰত কিছু সাল-সলনি হোৱা দেখা যায়৷ সেইমতে নেডা গঠন হোৱাৰ সময়ত ছিকিম, নগালেণ্ড, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ক্ৰমে পৱন কুমাৰ চামলিং, টি আৰ জেলিয়াং আৰু কালিখো পুল বৈঠকত উপস্থিত থাকি মঞ্চত যোগদান কৰিছিল৷ কিন্তু এতিয়া তিনিওখন ৰাজ্যত মুখ্যমন্ত্ৰী সলনি হৈছে৷ বৰ্তমানে ছিকিমত প্ৰেম সিং তামাং, নগালেণ্ডত নেফিও ৰিঅ' আৰু অৰুণাচল প্ৰদেশত প্ৰেমা খাণ্ডু মুখ্যমন্ত্ৰী হিচাপে আছে৷ অসমতো নেডা গঠন হোৱাৰ সময়ত সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী আছিল৷
 
২০১৭ চনত মণিপুৰত প্ৰথমবাৰৰ ক্ষমতালৈ অহা মুখ্যমন্ত্ৰী এন বীৰেন সিং নেতৃত্বধীন বিজেপি চৰকাৰ, ২০১৮ চনত মেঘালয়ত ক্ষমতা দখল কৰা মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এনপিপি চৰকাৰ আৰু একেটা বৰ্ষতে ত্ৰিপুৰাত চৰকাৰ গঠন কৰা বিজেপি পৰবৰ্তী পৰ্যায়ত নেডাৰ অংশীদাৰ হয়৷ তদুপৰি সেই সময়ত উত্তৰ পূবৰ দায়িত্বত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক ৰাম মাধৱ আৰু উত্তৰ পূবৰ সাংগঠনিক সম্পাদক অজয় জামোৱালো এতিয়া নাই৷ তেওঁলোকৰ স্থানত এতিয়া অসমৰ দায়িত্বত থকা বিজেপিৰ প্ৰভাৰী হ'ল হৰিশ দ্বিবেদী আৰু উত্তৰ পূবৰ দায়িত্বত আছে দলটোৰ নেতা সম্বিত পাত্ৰ৷ নতুন নেতৃত্বৰ হাতত হয়তো দলটো ৰাজ্যিক ভিত্তিত ভালেখিনি আগবাঢ়ি গৈছে, কিন্তু উত্তৰ পূবত সামগ্ৰিকভাৱে থকা তেওঁলোকৰ সমন্বয় যেন কমি আহিছে৷ এই ৰাজ্যবোৰত থকা এন ডি এৰ অংশীদাৰ দলবোৰে যেন পূৰ্বৰ দৰে একত্ৰিত হৈ থকা নাই অথবা একেলগে কাম কৰা নাই৷  
 
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং
 
মণিপুৰৰ শেহতীয়া পৰিস্থিতিকে ইয়াৰ উদাহৰণ হিচাবে আগবঢ়াব পাৰি৷ বিগত এবছৰতকৈ অধিক সময় ধৰি হিংসাজৰ্জৰ পৰিস্থিতি বিৰাজ কৰি অহা মণিপুৰত ক্ষমতাত আছে বিজেপি নেতৃত্বাধীন চৰকাৰ৷ ইয়াত সমৰ্থন দিছিল মেঘালয়ৰ শাসক দল এনপিপি৷ কিন্তু মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনডিএৰ অংশীদাৰ তথা নেডাৰ অধীনৰ দলবোৰ ইয়াৰ সমৰ্থনত আগবাঢ়ি আহিব লাগিছিল, কিন্তু দেখা গৈছে যে, ৰাজ্যখনৰ পৰা নিৰাপদ দুৰত্বতহে অৱস্থান লৈছে৷ কোনেও যেন এই জটিলতাত সোমাব বিচৰা নাই৷ আনকি মণিপুৰত চৰকাৰৰ অংশীদাৰ দল এনপিপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰি চৰকাৰৰ পৰা আঁতৰি আহিছে৷ ইয়াক নেডাৰ ব্যৰ্থতা হিচাবে আখ্যা দিব পাৰি৷
 
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আনকি মুকলিভাৱে নেডাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ তেওঁ এনেদৰে কয়- “নেডা যি লক্ষ্য আৰু উদ্দেশ্যৰে গঠন কৰা হৈছিল, তাক আমি সঠিক দিশত আগবঢ়াই নিব পৰা নাই৷ আমি কেতিয়াবা এখন বৈঠকত মিলিত হৈ বৰ বৰ ভাষণ দিওঁ৷ এতিয়ালৈ কেৱল সেয়াই হৈ আহিছে৷ কিন্তু নেডাক সঠিক ৰূপ দি সঠিক দিশত আগবঢ়াই নিয়াটো সময়ৰ আহ্বান৷ উত্তৰ পূৱৰ ৰাইজৰ স্বাৰ্থত নেডাক শক্তিশালী কৰি অঞ্চলটোৰ সমস্যাসমূহ ইয়াৰ জৰিয়তে উত্থাপন কৰাটো অতি জৰুৰী৷”
 
লক্ষ্যনীয় কথাটো হ'ল যে, বিগত প্ৰায় দুবছৰে নেডাৰ কোনো বৈঠকে অনুস্থিত হোৱা নাই৷ নেডাৰ আহ্বায়কৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্প্ৰতি ইমানেই ব্যস্ত যে, তেওঁ উত্তৰ পূবৰ এই মঞ্চৰ প্ৰতি বেছি গুৰুত্ব দিব পৰা নাই৷ বিশেষকৈ ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত তেওঁ ৰাজ্যখনৰ দলীয় দায়িত্বত থকা বাবে তেওঁ সৰহভাগ সময় ঝাৰখণ্ডতে কটাব লগা হয়৷ আনকি অসমৰ পাঁচটাকৈ বিধানসভা সমষ্টিত হোৱা উপ নিৰ্বাচনত তেওঁ মাত্ৰ দুদিনত প্ৰতিটো সমষ্টিত এখনকৈহে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল৷ তাৰ বাহিৰে তেওঁ বেছিভাগ সময় ঝাৰখণ্ডত থকাৰ লগতে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন আৰু আন কেবাখনোত ৰাজ্যৰ উপ নিৰ্বাচনত ব্যস্ত থাকিব লগা হৈছিল৷ 
 
মণিপুৰ সংঘৰ্ষৰ এক দৃশ্য
 
চলিত বৰ্ষৰ প্ৰথমৰ পিনে হোৱা লোকসভা নিৰ্বাচনতো তেওঁ অসমৰ উপৰি দেশৰ আন কেবাখনো ৰাজ্যত প্ৰচাৰ অভিযানত ব্যস্ত থাকিব লগা হৈছিল৷ এই কথা তেওঁ নিজেও স্বীকাৰ কৰিছে৷ নেডাক নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত আহি পৰা সমস্যাৰ কথাও তেওঁ মানি লৈছে৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীৰ বক্তব্য আছিল এনে ধৰনৰ- “মই মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে যি দৰে নেডাৰ বাবে কাম কৰিব পাৰিছিলো, মুখ্যমন্ত্ৰী হোৱাৰ পিচত সেইদৰে সময় দিব পৰা নাই৷ যিহেতু এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী, সেই কাৰন কেন্দ্ৰীয় নেতৃত্বই মোক অসমৰ উন্নয়নত অধিক মনোনিৱেশ কৰিবলৈ কৈছে৷ আনকি বিগত লোকসভা নিৰ্বাচনত মোক অৰুণাচল প্ৰদেশৰ বাহিৰে উত্তৰ পূবৰ আন কোনো ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অনুমতি দিয়া নাছিল৷” 
 
মুখ্যমন্ত্ৰীৰ এই বক্তব্যই দলৰ প্ৰতি থকা তেওঁৰ অনুগত্য আৰু দলীয় নেতৃত্বৰ প্ৰতি থকা তেওঁৰ দায়িত্বশীলতাৰ কথাকে বুজাইছে৷ কিন্তু ইয়াৰ জৰিয়তে নেডাৰ সমস্যা সমাধান হব নোৱাৰে৷ কনৰাড চাংমাই কোৱাৰ দৰে উত্তৰ পূবৰ সমস্যাসমূহ একত্ৰিতভাৱে উত্থাপন কৰিবলৈ হ'লে যি দৰে নেডাৰ দৰে সমূহীয়া মঞ্চ জৰুৰী, সেইদৰে নেডাক নেতৃত্ব দিব পৰা এজন দক্ষ নেতাও জৰুৰী৷ বৰ্তমান সময়ত চাবলৈ গ'লে উত্তৰ পূৱত হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ দক্ষ আৰু সমৰ্থবান নেতা৷
 
উত্তৰ পূবত বিজেপিৰ কিৰেণ ৰিজিজু অথবা সৰ্বানন্দ সোণোৱালৰ দৰে নেতা থাকিলেও হয়তো দলৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাকে অধিক ভৰষা কৰিছে৷ সেইবাবে হয়তো প্ৰথমতে তেওঁকেই নেডাৰ দায়িত্ব দিছে আৰু এতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰায় আঢ়ৈ বছৰ পিছতো কেন্দীয় নেতৃত্বই তেওঁক নেডাৰ দায়িত্বৰ পৰা আঁতৰোৱা নাই৷ সেয়েহে বিগত প্ৰায় দুবছৰতকৈ অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ থকা নেডাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হয়তো হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে আগবঢ়াই নিব৷
 
(লেখিকা এগৰাকী স্বতন্ত্ৰ সাংবাদিক)