দুদিনৰ ভিতৰত NEET-UG 2024ৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ’বঃ ধৰ্মেন্দ্ৰ প্ৰধান

Story by  atv | Posted by  [email protected] • 1 Months ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান
 
নতুন দিল্লী

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মঙলবাৰে এক সংবাদমেলত ঘোষণা কৰে যে দুদিনৰ ভিতৰত NEET-UG 2024ৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব। উচ্চতম ন্যায়ালয়ে চিকিৎসা প্ৰৱেশ পৰীক্ষা বাতিল আৰু পুনৰ পৰীক্ষাৰ বাবে কৰা আবেদন খাৰিজ কৰাৰ কিছু সময়ৰ পিছতে এই ঘোষণা কৰা হৈছে।
 
উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে প্ৰশ্নকাকত ফাদিল আৰু প্ৰৱঞ্চনাৰ অভিযোগ থকাৰ পিছতো NEET-UG 2024 ত প্ৰণালীবদ্ধ ভংগৰ দাবী সমৰ্থন কৰিব পৰাকৈ কোনো প্ৰমাণ নাই। সৰ্বভাৰতীয় চিকিৎসা পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা, প্ৰৱঞ্চনা কৰাকে ধৰি বিভিন্ন অসৎ কাৰ্যক লৈ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা দুয়োটাই তীব্ৰ সমালোচনা আৰু প্ৰতিবাদৰ সন্মুখীন হৈছিল।
সংবাদমেলত শিক্ষামন্ত্ৰী প্ৰধানে নিশ্চিত কৰে যে এন টি এয়ে দুদিনৰ ভিতৰত NEET-UGৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ অনুসৰি পৰীক্ষাৰ মেধা তালিকা সংশোধন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।
 
ইয়াৰ উপৰিও আই আই টি দিল্লীৰ প্ৰতিবেদনে নিশ্চিত কৰা অনুসৰি প্ৰায় ৪ লাখ ছাত্ৰ-ছাত্ৰীৰ ৰেংক সলনি হ’ব বুলি আশা কৰা হৈছে। কাৰণ, NEET UGৰ পদাৰ্থ বিজ্ঞানৰ প্ৰশ্ন কাকতত মাত্ৰ এটা বিকল্পহে শুদ্ধ আছিল।
 
ইফালে, উচ্চতম ন্যায়ালয়ৰ ৰায়দানত প্ৰধানে সন্তুষ্টি প্ৰকাশ কৰি কয়, "'সত্যদেৱ জয়তে'। সত্যই প্ৰাধান্য লাভ কৰিছে।