তিৰুপতি মন্দিৰলৈ কেতিয়াও ঘিউ যোগান ধৰা নাই: অমুল

Story by  atv | Posted by  Munni Begum • 1 d ago
তিৰুপতি মন্দিৰ আৰু  অমুলৰ স্পষ্টীকৰণ
তিৰুপতি মন্দিৰ আৰু অমুলৰ স্পষ্টীকৰণ
 
নতুন দিল্লী 
 
তিৰুপতি লাডু প্ৰস্তুতত পশুৰ চৰ্বি ব্যৱহাৰ কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ভাৰতীয় দুগ্ধ ব্ৰেণ্ড আমুলে তিৰুমালা তিৰুপতি দেৱস্থান (টিটিডি)লৈ কেতিয়াও ঘিউ (ক্লেৰিফাইড বাটাৰ) যোগান ধৰা নাই বুলি উল্লেখ কৰি স্পষ্টীকৰণ প্ৰকাশ কৰিছে।  
 
সামাজিক মাধ্যমত অমুলে মন্দিৰটোলৈ ঘিউ যোগান ধৰা বুলি দাবী উত্থাপন কৰাৰ পিছতে ভাৰতীয় দুগ্ধ ব্ৰেণ্ড আমুলে এক বিবৃতিযোগে এই স্পষ্টীকৰণ প্ৰকাশ কৰিছে।  
 
অমুলৰ বিবৃতিত উল্লেখ কৰিছে যে, "সামাজিক মাধ্যমৰ কিছুমান পোষ্টত উল্লেখ কৰা হৈছে যে, তিৰুমালা তিৰুপতী দেৱস্থান (টিটিডি)ক অমূল ঘিউ যোগান ধৰিছিল। কিন্তু আমি জনাব বিচাৰো যে, আমি কেতিয়াও তিৰুমালা তিৰুপতী দেৱস্থানলৈ অমূল ঘিউ যোগান ধৰা নাই।" 
 
বিবৃতিটোত লগতে কোৱা হৈছে, "আমি এইটোও স্পষ্ট কৰিব বিচাৰো যে, আমুল ঘিউ আমাৰ অত্যাধুনিক উৎপাদন কেন্দ্ৰসমূহত গাখীৰৰ পৰা তৈয়াৰ কৰা হয়, যিবোৰ আই এছ অ' প্ৰমাণিত। উচ্চমানৰ বিশুদ্ধ গাখীৰৰ চৰ্বিৰ পৰা আমুল ঘিউ তৈয়াৰ কৰা হয়। আমাৰ ডেইৰীত পোৱা গাখীৰৰ এফএছএছএআইয়ে নিৰ্দিষ্ট কৰা ধৰণে মিশ্ৰণ ধৰা পেলোৱাকে ধৰি গুণগত মান পৰীক্ষা কৰা হয়।"
 
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে পূৰ্বৰ ৱাই এছ জগান মোহন ৰেড্ডী নেতৃত্বাধীন চৰকাৰৰ দিনত তিৰুপতি লাডু প্ৰস্তুতত পশুৰ চৰ্বি আৰু অন্যান্য অমান্য উপাদান ব্যৱহাৰ কৰা বুলি দাবী কৰাৰ পিছতে এক বৃহৎ বিতৰ্কৰ সৃষ্টি হয়। 
 
কেন্দ্ৰীয় চৰকাৰেও এই বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা বিষয়টোৰ ওপৰত প্ৰতিবেদন বিচাৰিছিল আৰু পৰীক্ষা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। খাদ্য মন্ত্ৰী প্ৰলহাদ যোশীয়ে এই অভিযোগৰ তদন্তৰ আহ্বান জনাইছে।