জম্মু
জম্মু-কাশ্মীৰত আৰু এটা কঠোৰপন্থী ৰাজনৈতিক দলৰ আত্মপ্রকাশ ঘটিছে। এই দলটোৰ নাম ৰখা হৈছে 'জাষ্টিচ ফৰ ডেভেলপমেন্ট ফ্রন্ট'।
বিধানসভা নির্বাচনত জামাত-ই-ইছলামীৰ সমর্থনত ভোটযুদ্ধত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰা প্রার্থীসকলে একত্ৰিত হৈ এই ৰাজনৈতিক দলটো গঠন কৰিছে। আহিবলগীয়া স্থানীয় নিকায় আৰু পঞ্চায়ত নির্বাচনত এই নতুন ৰাজনৈতিক দলটোরে প্রতিদ্বন্দ্বিতা কৰিব।
শুকুৰবাৰে ৰাজ্যখনৰ কুলগাম জিলাৰ চাৱলগামত এই নৱগঠিত ৰাজনৈতিক দলটোৰ প্ৰথমখন সভা অনুষ্ঠিত হয়। তেওঁলোকে দাবী কৰে যে নির্বাচন আয়োগৰ ওচৰত দলটো ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে।