বিনামূলীয়া আঁচনিৰে কোনো দেশেই সফল হোৱা নাই: নাৰায়ণ মূৰ্তি

Story by  atv | Posted by  [email protected] • 7 h ago
ইনফ'ছিছৰ সহঃপ্রতিষ্ঠাতা আৰ নাৰায়ণ মূর্তি
ইনফ'ছিছৰ সহঃপ্রতিষ্ঠাতা আৰ নাৰায়ণ মূর্তি
 
নতুন দিল্লী
 
নির্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে ভোটাৰক প্রলোভিত কৰিবলৈ ঘোষণা কৰা বিনামূলীয়া আঁচনিসমূহক লৈ সৰৱ হৈছে ইনফ'ছিছৰ সহঃপ্রতিষ্ঠাতা আৰ নাৰায়ণ মূর্তি।
 
তেওঁ কয় যে বিনামূলীয়া আঁচনিৰে দেশৰ কোনো উন্নয়ন নহয়। বৰঞ্চ কর্মসংস্থাপনৰ পথ প্রশস্ত কৰিলেহে দাৰিদ্র্য দূৰ হ'ব। আনকি এনে আঁচনিৰ প্ৰৱৰ্তনেৰে কোনো দেশে উন্নতি লাভ কৰা নাই। উচ্চতম ন্যায়ালয়েও বিনামূলীয়া আঁচনিৰ সংস্কৃতিৰ বিৰুদ্ধে মাত মাতিছে। এনে আঁচনিয়ে মানুহক কাম কৰাৰ মানসিকতাৰ পৰা শত যোজন দূৰলৈ নিছে।
 
বৃহস্পতিবাৰে নাৰায়ণ মূর্তিয়ে এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে বিনামূলীয়া আঁচনিয়ে দাৰিদ্র্য দূৰ নকৰে, বৰঞ্চ নতুন উদ্যোগীক কর্মসংস্থাপনৰ পথ উলিওৱাত বাধা দিব। যদি তৰুণ প্রজন্মক উদ্যোগ স্থাপনৰ বাবে উৎসাহী কৰা যায়, তেন্তে দাৰিদ্র্যও অন্তর্ধান হ'ব।
 
তৰুণচামক উদ্যোগ স্থাপনৰ প্ৰতি উৎসাহিত কৰিলে দেশত হেজাৰ হেজাৰ চাকৰিৰ পথ প্রশস্ত কৰিব বুলিও মত পোষণ কৰি তেওঁ কয় যে কোনো দেশেই বিনামূলীয়া আঁচনি প্ৰৱৰ্তনেৰে সফল হোৱা নাই।