চলিত সপ্তাহত ৰাছিয়া ভ্ৰমণ কৰিব এন এছ এ অজিত ডোভালে

Story by  atv | Posted by  Munni Begum • 8 d ago
এন এছ এ অজিত ডোভাল
এন এছ এ অজিত ডোভাল
 
নতুন দিল্লী 
 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভালে এই সপ্তাহত ৰাছিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালত ডোভালে চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধানৰ লক্ষ্যৰে শান্তি প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। 
 
সুত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, এই ভ্ৰমণৰ সময়ত আই পি এছৰ প্ৰাক্তন বিষয়াগৰাকীয়ে ব্ৰিকছ-এন এছ এৰ বৈঠকতো অংশগ্ৰহণ কৰিব।
 
ডোভালে ৰাছিয়া আৰু চীনৰ সমকক্ষৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে আৰু জুলাই মাহত মস্কোত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনৰ পৰা আলোচনাৰ অনুসৰণ কৰাৰ সম্ভাৱনা আছে।
 
BRICS হৈছে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, চৌদি আৰব, ইউ এ ই, ইৰাণ, ইজিপ্ত আৰু ইথিওপিয়াক লৈ গঠিত ১০খন ৰাষ্ট্ৰৰ এক অনানুষ্ঠানিক গোট। 
 
BRICS-NSA ৰ অন্তিমখন বৈঠক ২০২৩ চনত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হৈছিল, য’ত ডোভালে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
 
সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে টেলিফোনিক বাৰ্তালাপৰ সময়ত আলোচনা হৈছিল যে, অজিত ডোভালে ইউক্ৰেইন ভ্ৰমণৰ পিছত শান্তিৰ সৈতে জড়িত ধাৰণাসমূহৰ ওপৰত আলোচনা কৰিবলৈ ৰাছিয়া ভ্ৰমণ কৰিব।