এন এছ এ ডোভালৰ নেতৃত্বত প্ৰথম ভাৰত-মালয়েছিয়া নিৰাপত্তা বৈঠক সম্পন্ন; সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু প্ৰতিৰক্ষাৰ বিষয়ে আলোচনা

Story by  atv | Posted by  [email protected] • 1 d ago
মালয়েছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সঞ্চালক প্ৰধান ৰাজা দাতো নুশ্বিৰৱানৰ সৈতে এন এছ এ অজিত ডোভাল
মালয়েছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সঞ্চালক প্ৰধান ৰাজা দাতো নুশ্বিৰৱানৰ সৈতে এন এছ এ অজিত ডোভাল
 
নতুন দিল্লী

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু মালয়েছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সঞ্চালক প্ৰধান ৰাজা দাতো নুশ্বিৰৱান বিন জৈনাল আবিদিনে আজি নতুন দিল্লীত প্ৰথম ভাৰত-মালয়েছিয়া নিৰাপত্তা বৈঠকৰ সহ-অধ্যক্ষতা কৰে। 
 
নিৰাপত্তা আলোচনাৰ সময়ত দুয়োপক্ষই বিশ্ব আৰু আঞ্চলিক নিৰাপত্তা পৰিৱেশৰ ওপৰত মত বিনিময় কৰে আৰু নিৰাপত্তা, প্ৰতিৰক্ষা আৰু সামুদ্ৰিক ক্ষেত্ৰত চলি থকা দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে।
 
চাইবাৰ সুৰক্ষা, প্ৰতিৰক্ষা উদ্যোগ, সামুদ্ৰিক নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী আৰু মৌলবাদমুক্তকৰণৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ ক্ষেত্ৰত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। বাৰ্ষিক সভা অনুষ্ঠিত কৰি এই আলোচনাক প্ৰতিষ্ঠানিকৰণৰ বাবে তেওঁলোক সহমতত উপনীত হয়।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৪ চনৰ আগষ্ট মাহত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী দাতো ছেৰী আনোৱাৰ ইব্ৰাহিমৰ ভাৰত ভ্ৰমণৰ ফলাফলস্বৰূপে নতুন দিল্লীত আজিৰে পৰা ভাৰত-মালয়েছিয়া নিৰাপত্তা বৈঠক অনুষ্ঠিত হৈছে। এই ভ্ৰমণৰ সময়ত ভাৰত-মালয়েছিয়া দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হয় আৰু দুয়োগৰাকী নেতাই দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মত হয়।