ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৯৬৯ নিযুতলৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
দূৰসংযোগ নিয়ামক প্রাধিকৰণ চমুকৈ ট্রায়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে ভাৰতীয় টেলিকম সেৱা পাৰদৰ্শিতা শীর্ষক সমীক্ষা। এই সমীক্ষাত প্রকাশ পোৱামতে, ২০২৪ বৰ্ষৰ জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৯৬৯ নিযুতলৈ বৃদ্ধি পাইছে। তথ্যত প্রকাশ পোৱামতে, ইয়াৰে ৯৪৪ নিযুত ব্রডবেণ্ড ইণ্টাৰনেট সেৱা গ্রহণকাৰীৰ বিপৰীতে ২৭.১১ নিযুত গৰাকী হৈছে নেৰ'বেণ্ড ইণ্টাৰনেট ব্যৱহাৰকাৰী। 
 
জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ ব্রডবেণ্ড ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ০.৩৯ শতাংশ বৃদ্ধি হয়। সেইদৰে ৱাৰলাইন ব্যৱহাৰকাৰীৰ সংখ্যা ৩৬.৯৩ নিযুত হৈছে। ইয়াৰ ঘনত্ব হৈছে ৪.৯৬ শতাংশ। সমীক্ষাটোত ৰাজ্যিক পৰ্যায়ত দূৰসংযোগ গ্ৰাহকৰ তথ্যও প্রকাশ কৰা হৈছে। সেই অনুসৰি অসমৰ মুঠ দূৰসংযোগ ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ২৬.৩৫ নিযুত। ইয়াৰে ১৬.৯১ নিযুত গৰাকী দূৰসংযোগ গ্রাহক গ্রামাঞ্চলৰ হোৱাৰ বিপৰীতে ৯.৪৫ নিযুত হৈছে নগৰাঞ্চলৰ গ্ৰাহক। অর্থাৎ ৰাজ্যৰ মুঠ দূৰসংযোগ গ্ৰাহকৰ ভিতৰত ৬৪.১৫ শতাংশই হৈছে গ্রামাঞ্চলৰ।
 
ট্রায়ৰ তথ্য অনুসৰি যোৱা অক্টোবৰ মাহলৈকে অসমত মুঠ দূৰসংযোগ গ্রাহকৰ সংখ্যা হৈছে ২.৬০ কোটি। অসমত সেৱা আগবঢ়াই থকা দূৰসংযোগ প্রতিষ্ঠানসমূহৰ ভিতৰত সৰ্বাধিক গ্রাহক আছে ভাৰতী এয়াৰটেলৰ। অসমত এয়াৰটেলৰ গ্রাহকৰ সংখ্যা ১,১৮,৯০,৪৯৭ গৰাকী। সেইদৰে দ্বিতীয় স্থানত থকা জিঅ'ৰ গ্ৰাহকৰ সংখ্যা হৈছেগৈ ৯৭,১০,৬১১ গৰাকী।  
 
ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান বি এছ এন এলৰ গ্ৰাহকৰ সংখ্যা ২৯,৮৪,৫৫৯ গৰাকী হোৱাৰ বিপৰীতে ভোডাফোন-আইডিয়াৰ গ্ৰাহকৰ সংখ্যা হৈছে ১৪,৬৫,২১১ গৰাকী। অৱশ্যে পূৰ্বৰ তুলনাত ভোডাফোন-আইডিয়াৰ গ্ৰাহকৰ সংখ্যা হ্রাস হৈছে অসমত। ট্রায়ৰ সমীক্ষাত প্রকাশ পোৱামতে, যোৱা অক্টোবৰ মাহলৈকে সমগ্র দেশত দূৰসংযোগ গ্রাহকৰ সংখ্যা ১১৫.০৪ কোটিলৈ বৃদ্ধি হৈছে। ইয়াৰে ৫২.৪৮ কোটি হৈছে গ্রামাঞ্চলৰ গ্ৰাহক।