উৰণ সেতু নিৰ্মাণৰ বাবে পুৰণি গছ কটা নহয়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  Munni Begum • 2 Months ago
 হালধীয়া ৰঙৰ ক্ৰছে চিনেৰে চিহ্নিত কৰা গছ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
হালধীয়া ৰঙৰ ক্ৰছে চিনেৰে চিহ্নিত কৰা গছ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী 
 
দীঘলীপুখুৰীৰ আশে-পাশে থকা ঐতিহাসিক গছ কটাৰ বিৰুদ্ধে সমগ্ৰ গুৱাহাটীত চলি থকা প্ৰতিবাদৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ মহানগৰীৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ  ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। 
 
মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ়তাৰে কয় যে, দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণ কৰা অঞ্চলৰ পুৰণি গছবোৰক সুৰক্ষা প্ৰদানৰ বাবে কৰ্তৃপক্ষই কাম কৰি আছে।   
 
ইয়াৰ উপৰিও তেওঁ অংশীদাৰসকলক গড়কাপ্তানী বিভাগক বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰিবলৈ কিছু সময় দিবলৈ আহ্বান জনায়। 
 
নিজৰ অফিচিয়েল এক্স হেণ্ডেলত মুখ্যমন্ত্রী শৰ্মাই উল্লেখ কৰিছে যে, "মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰো যে, চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালভাৱে আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ বাবে গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলুপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে সুৰক্ষাৰ বাবে কাম কৰি আছো। মই সকলো অংশীদাৰক আহ্বান জনাইছো যে, গড়কাপ্তানী বিভাগক বিকল্প প্ৰস্তাৱ অন্বেষণ কৰিবলৈ আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰিবলৈ কেইদিনমানৰ অনুমতি দিয়ক।"  
 
ইতিমধ্যে, ৰিজাৰ্ভ বেংকৰ পৰা নূনমাটিলৈ প্ৰায় ছয় মাইল দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণৰ কাম চলি আছে। কিন্তু শেহতীয়াকৈ তৈয়বুল্লাহ ৰোডকে ধৰি উৰণ সেতুখনৰ ডিজাইনৰ সালসলনি কৰি দীঘলীপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্য্যৰ প্ৰতি সম্ভাৱনীয় ভাবুকি কঢ়িয়াই অনাৰ পিছতে এই প্ৰকল্পটোৱে স্থানীয় বাসিন্দা আৰু গুৱাহাটীবাসীৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।  
 
২৮ অক্টোবৰত কৰ্তৃপক্ষই তৈয়বুল্লাহ ৰোডৰ কাষত আৰু হেণ্ডিক গাৰ্লছ কলেজৰ সন্মুখত প্ৰায় ২৫ জোপা গছ কাটিবলৈ হালধীয়া ৰঙৰ ক্ৰছে চিনেৰে চিহ্নিত কৰিছিল, য’ত কিছুমান গছ আছিল যিবোৰ ২০০ বছৰৰ ওপৰৰ বুলি জানিব পৰা গৈছে। 


শেহতীয়া খবৰ