জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ওমৰ আব্দুল্লাৰ; সুৰিন্দৰ সিং চৌধুৰী উপ-মুখ্যমন্ত্ৰী

Story by  atv | Posted by  Munni Begum • 2 h ago
নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই জে এণ্ড কেৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ এক মূহুৰ্ত
নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই জে এণ্ড কেৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ এক মূহুৰ্ত
 
শ্ৰীনগৰ 
 
নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই বুধবাৰে অৰ্থাৎ আজি জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। ইয়াৰ পিছতে কেন্দ্ৰীয় শাসিত অঞ্চলটোৱে প্ৰায় ছয় বছৰৰ অন্তত প্ৰথখন চৰকাৰ লাভ কৰিছে। বিধানসভা নিৰ্বাচনত নৌশ্বেৰাৰ পৰা জম্মু-কাশ্মীৰৰ বিজেপি মুৰব্বী ৰবীন্দ্ৰ ৰাইনাক পৰাস্ত কৰা দলৰ বিধায়ক সুৰিন্দৰ সিং চৌধুৰীক জম্মু সংমণ্ডলৰ প্ৰতিনিধিত্ব প্ৰদান কৰি উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।  
 
কেন্দ্ৰই প্ৰতিশ্ৰুতি দিয়া জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ দাবীৰ কথা উল্লেখ কৰি কংগ্ৰেছে বৰ্তমানৰ বাবে নতুন মন্ত্ৰীসভাৰ পৰা বাহিৰত থাকিব বিচাৰে আৰু ইয়াৰ বাবে সদায় যুঁজ অব্যাহত ৰাখিব বুলি মন্তব্য কৰিছে। 
 
শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (SKICC) অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত উপ-ৰাজ্যপাল মনোজ সিনহাই ওমৰ আব্দুল্লাহক শপত গ্ৰহণ কৰোৱাই। এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, দলৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱওকে ধৰি কেইবাজনো বিৰোধী নেতাই অংশগ্ৰহণ কৰিছে। 
 
শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (SKICC) অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহনৰ বাবে শ্ৰীনগৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা
 
শপত গ্ৰহণ কৰা পাঁচজন বিধায়ক আছিল - সতীশ শৰ্মা (নিৰ্দলীয়), নেচনেল কনফাৰেন্স দলৰ সকিনা ইটু, জাভিদ দাৰ, সূৰিন্দাৰ চৌধুৰী আৰু জাভিদ ৰানা। বৰ্তমান মন্ত্ৰীসভাৰ চাৰিখন আসন খালী হৈ আছে, যি মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছত পূৰণ কৰা হ’ব।  
 
মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ এইটো দ্বিতীয় কাৰ্যকাল। জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত আৰু পূৰ্বৰ ৰাজ্যখন ২০১৯ চনত কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ পিছত তেওঁ প্ৰথমে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে ওমৰ আব্দুল্লাই নেচনেল কনফাৰেন্সৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ ককাক শ্বেখ আব্দুল্লাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।   
 
যেতিয়া জম্মু আৰু কাশ্মীৰ এখন ৰাজ্য হিচাপে আছিল তেতিয়াৰ নেচনেল কনফাৰেন্স-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰত ওমৰ আব্দুল্লাই ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।      
 
ওমৰ আব্দুল্লাই নেচনেল কনফাৰেন্সৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ ককাক শ্বেখ আব্দুল্লাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক মূহুৰ্ত
 
জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ মুৰব্বী তাৰিক হামিদ কাৰাই কয় যে, বিধানসভা নিৰ্বাচনত ছখন আসন লাভ কৰাৰ পিছতো আমাৰ দলটোৱে এতিয়াৰ বাবে কেবিনেটত যোগদান নকৰে আৰু এই মুহূৰ্তলৈ জম্মু-কাশ্মীৰ চৰকাৰত কংগ্ৰেছে মন্ত্ৰালয়ত যোগদান কৰা নাই। কংগ্ৰেছে জম্মু-কাশ্মীৰক ৰাজ্যিকতা পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্ৰত তীব্ৰ দাবী জনাই আহিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে ৰাজহুৱা সভাত একে প্ৰতিশ্ৰুতিকে দিছে।   
 
তেওঁ লগতে কয় যে, কিন্তু এতিয়ালৈ জম্মু-কাশ্মীৰলৈ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা হোৱা নাই। ইয়াক লৈ আমি সন্তুষ্ট নহয় আৰু সেয়েহে আমি এই মুহূৰ্তত মন্ত্ৰীসভাত যোগদান কৰা নাই। কিয়নো কংগ্ৰেছে ৰাজ্যৰ মৰ্যদা পুনৰুদ্ধাৰৰ বাবে যুঁজ অব্যাহত ৰাখিব।   
 
ইয়াৰ পূৰ্বে ওমৰ আব্দুল্লাই নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মাজত যিকোনো বিভাজনৰ কথা প্ৰত্যাহাৰ কৰি কয় যে, অতিকৈ পুৰণি দলটোৱে এতিয়াৰ বাবে কেবিনেটৰ অংশ গ্ৰহণ নকৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে, তেওঁৰ কেবিনেটত বৰ্তমান ৯ খন আসন খালী হৈ আছে। 
 
নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে
 
কংগ্ৰেছে নেচনেল কনফাৰেন্সক ​​চৰকাৰৰ অংশ হিচাপে সমৰ্থন কৰিব নে বাহিৰৰ পৰা মিত্ৰ হিচাপে সমৰ্থন কৰিব সেই সম্পৰ্কে আলোচনা চলি থকাৰ মাজতে তেওঁৰ এই মন্তব্য কৰিছে। মন্ত্ৰী পৰিষদৰ খালী হৈ থকা ৯ খন আসন তেওঁ পূৰণ নকৰে বুলি মন্তব্য কৰি কয় যে, আমি কংগ্ৰেছৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে কিছু আসন খালী কৰি ৰাখিছো।   
 
প্ৰায় এটা দশকৰ পাছত অনুষ্ঠিত হোৱা ছেপ্টেম্বৰ-অক্টোবৰ বিধানসভা নিৰ্বাচনত নেচনেল কনফাৰেন্স-কংগ্ৰেছৰ মিত্ৰজোঁটে ৯০খন বিধানসভাৰ আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰে। নেচনেল কনফাৰেন্সে ৪২খন আসন লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে আৰু কংগ্ৰেছে ৬খন আসন লাভ কৰে।