Tue Apr 15 2025 7:52:38 PM
  • Follow us on
  • Subcribe

দিনজান সেনা ছাউনীত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীক সম্বৰ্ধনা

Story by  atv | Posted by  ArifulIslam@gmail.com • 11 d ago
দিনজান সেনা ছাউনীত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীক সম্বৰ্ধনা
দিনজান সেনা ছাউনীত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীক সম্বৰ্ধনা
 
গুৱাহাটী
 
ভাৰতীয় সেনাৰ ইণ্ডিয়ান মেডিকেল ক'ৰ্পছৰ ২৬১ সংখ্যক উদ্যাপন দিৱস উপলক্ষে বৃহস্পতিবাৰে তিনিচুকীয়াৰ পানীতোলাস্থিত দিনজান সেনা ছাউনীত বিশিষ্ট চিকিৎসক পদ্মশ্রী ডাঃ ইলিয়াছ আলীক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়।
 
অনুষ্ঠানত তেওঁ যুদ্ধক্ষেত্ৰৰ স্বাস্থ্য সেৱা আৰু সামৰিক চিকিৎসা সেবাত নিস্বার্থভাবে ব্রতী হোৱা পেছাদাৰী চিকিৎসকসকলক উদ্দেশ্যি 'বিকশিত ভাৰতৰ ৰোগ নিৰাময়কাৰী' শীর্ষক বিষয়ত ভাষণো দিয়ে। বৃহস্পতিবাৰৰ অনুষ্ঠানত অসাধাৰণ বীৰত্ব প্রদর্শন কৰি দেশৰ বাবে আত্মবলিদান দিয়া মেজৰ লাই শ্রম জ্যোতিন সিঙক মৰণোত্তৰভাৱে অশোক চক্ৰৰে সন্মানিত কৰা হয়।
 
তেওঁৰ মাতৃ লাইশ্রম ইবেয়াইমা দেৱীক এই সন্মান প্রদান কৰা হয়। বৃহস্পতিবাৰৰ অনুষ্ঠানটো কমান্ডিং অফিচাৰ কর্নেল ডাঃ বিধান ৰায়ে সফলতাৰে আয়োজন কৰাত পদ্মশ্রী ইলিয়াছ আলীয়ে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে।