উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইউনিফৰ্ম চিভিল কোড পৰ্টেল আৰু এখন পুস্তিকা মুকলি কৰিছে, ডেৰাডুনত
ডেৰাডুন
উত্তৰাখণ্ড চৰকাৰৰ ইউনিফৰ্ম চিভিল কোডৰ অধীনত লিভ-ইন সম্পৰ্ক পঞ্জীয়নৰ বাবে কেইবাটাও নিয়ম জাৰি কৰা হৈছে। এই নিয়মসমূহৰ ভিতৰত আছেঃ ১৬ পৃষ্ঠাৰ এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব, আধাৰ-সংলগ্ন অ’টিপি, পঞ্জীয়ন মাচুল, দম্পতীহালে ইচ্ছা কৰিলে বিয়া হোৱাৰ যোগ্য বুলি কোনো ধৰ্মীয় নেতাৰ প্ৰমাণ পত্ৰ, আৰু পূৰ্বৰ সম্পৰ্কৰ সবিশেষ দাখিল কৰিব লাগিব।
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যিক বিধানসভাই গৃহীত কৰা ইউচিচি আইনখনৰ অধীনত লিভ-ইন সম্পৰ্ক আৰম্ভ কৰাৰ সময়ত আৰু সম্পৰ্ক ত্যাগৰ সময়ত দম্পতীসকলে চৰকাৰৰ সৈতে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে। এই পঞ্জীয়ন নকৰিলে ছমাহ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে। উত্তৰাখণ্ডৰ বাসিন্দাৰ লগতে ভাৰতৰ অন্য ঠাইত বাস কৰা ৰাজ্যবাসীৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ'ব।
ইফালে, ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ অধীনত নতুন নিয়ম অনুসৰি উত্তৰাখণ্ডৰ ঘৰৰ মালিকসকলে ভাড়াতীয়াৰ লিভ-ইন ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট পৰীক্ষা নকৰিলে ২০ হাজাৰ পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ৰাজ্য চৰকাৰে লিভ-ইন দম্পতীয়ে নিজৰ সম্পৰ্ক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে, আৰু ভাড়াৰ চুক্তি চূড়ান্ত কৰাৰ পূৰ্বে মালিকসকলে প্ৰমাণপত্ৰ পৰীক্ষা কৰিব লাগিব।
ইউনিফৰ্ম চিভিল কোডৰ (ইউচিচি) নিয়ম ২০ (৮) (চি)ৰ অধীনত মালিকসকলে নিশ্চিত কৰিব লাগিব যে লিভ-ইন সম্পৰ্কত ভাড়াতীয়াসকলে ভাড়াৰ চুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে তেওঁলোকৰ লাইভ-ইন পঞ্জীয়নৰ প্ৰমাণপত্ৰ দাখিল কৰে। নিয়মত কোৱা হৈছে, ভাড়া চুক্তি স্বাক্ষৰ কৰাৰ আগতে ঘৰৰ মালিকৰ ফালৰ পৰা লিভ-ইন সম্পৰ্কৰ প্ৰমাণপত্ৰ/অস্থায়ী প্ৰমাণপত্ৰৰ কপি বিচৰাটো বাধ্যতামূলক হ’ব। এই প্ৰমাণপত্ৰ ওপৰৰ দফা (বি)ত উল্লেখ কৰা অনুসৰি ভাড়া চুক্তিৰ অংশ হ’ব। উলংঘাৰ বাবে পঞ্জীয়কে সময়ে সময়ে অধিসূচনাৰ জৰিয়তে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা শাস্তি আৰোপ কৰিব পাৰিব।
উত্তৰাখণ্ডত লিভ-ইন দম্পতীয়ে ৫০০ টকা পঞ্জীয়ন মাচুল দিব লাগিব, লগতে সম্পৰ্কত প্ৰৱেশ কৰাৰ এমাহৰ ভিতৰত পঞ্জীয়ন কৰিব নোৱাৰিলে অতিৰিক্ত ১০০০ টকা বিলম্ব মাচুল দিব লাগিব। যদি সম্পৰ্ক বন্ধ হয়, তেন্তে পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে আৰু ৫০০ টকা লোৱা হ’ব।
মঙলবাৰে উত্তৰাখণ্ড চৰকাৰে জাৰি কৰা এক নতুন অধিসূচনাৰ অধীনত বিবাহ, বিবাহ বিচ্ছেদ, আৰু উইল পঞ্জীয়নৰ বাবে এতিয়া নিৰ্ধাৰিত মাচুলৰ আওতাত আছে। বিবাহৰ বাবে পঞ্জীয়ন মাচুল ২৫০ টকা ধাৰ্য কৰাৰ বিপৰীতে ২৫০০ টকা মাচুলেৰে দ্ৰুত ‘ততকাল’ সেৱা উপলব্ধ কৰোৱা হয়। এই সেৱাত তিনিদিনৰ ভিতৰত প্ৰমাণপত্ৰৰ নিশ্চয়তা লাভ কৰিব। বিবাহ পঞ্জীয়ন নকৰিলে বা ভুল তথ্য দাখিল কৰিলে ১০,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।
উল্লেখ্য যে, সোমবাৰে উত্তৰাখণ্ড ৰাজ্যজুৰি ইউনিফৰ্ম চিভিল কোড (ইউচিচি) প্ৰৱৰ্তন কৰা প্ৰথমখন ভাৰতীয় ৰাজ্য হিচাপে পৰিগণিত হয় আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বিবাহ, বিবাহ বিচ্ছেদ, লিভ-ইন সম্পৰ্ক আৰু উইলৰ পঞ্জীয়নৰ বাবে পৰ্টেল মুকলি কৰে আৰু বিতৰ্কিত আইনখনৰ কাৰ্যকৰীকৰণৰ বাবে নিয়মসমূহ প্ৰকাশ কৰে।