আদালতৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে সম্ভলৰ শ্বাহী জামা মছজিদৰ ৰং কাম

Story by  atv | Posted by  Munni Begum • 13 h ago
সম্ভলৰ শ্বাহী জামা মছজিদ
সম্ভলৰ শ্বাহী জামা মছজিদ
 
নতুন দিল্লী 
 
উত্তৰ প্ৰদেশৰ সম্ভলৰ শ্বাহী জামা মছজিদৰ বাহিৰৰ দেৱালত দেওবাৰে পুৱাৰে পৰা ৰং কৰাৰ কাম আৰম্ভ হৈছে বুলি মছজিদ পক্ষৰ এজন অধিবক্তাই জানিবলৈ দিয়ে।  
 
এলাহাবাদ উচ্চ ন্যায়ালয়ে যোৱা ১২ মাৰ্চত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ সংস্থাক নিৰ্দেশ দিছিল যে, এসপ্তাহৰ ভিতৰত মছজিদত ৰং কৰাৰ কাম হাতত ল’ব লাগে আৰু সম্পূৰ্ণ কৰিব লাগে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত ১৩ মাৰ্চত এ এছ আইৰ এটা দলে জোখ-মাখ আৰু মূল্যায়ন কৰিছে। 
 
সম্ভল জিলা আদালতত মছজিদ পক্ষৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা শ্বকীল ৱাৰ্ছিয়ে জনোৱা মতে, দেওবাৰৰ পৰাই সম্ভলৰ শ্বাহী জামা মছজিদৰ বাহিৰৰ দেৱাল ৰং কৰাৰ কাম আৰম্ভ হৈছে।  
 
বিগত বৰ্ষৰ ২৪ নৱেম্বৰত ইয়াৰ মোগল যুগৰ মছজিদ শ্বাহী জামা মছজিদৰ সমীক্ষাৰ পিছতে দাঙ্গা সংঘটিত হোৱাৰ পিছতে সম্ভালত উত্তেজনা সৃষ্টি হৈছে। এই সংঘৰ্ষত চাৰিজন লোক নিহত হোৱাৰ লগতে আৰক্ষী জোৱানসহ কেইবাজনো আহত হয়।