কহৰাত অনুষ্ঠিত সামৰ্থ্য বিকাশৰ প্ৰশিক্ষণত তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ

Story by  atv | Posted by  [email protected] • 2 Months ago
কহৰাত অনুষ্ঠিত সামৰ্থ্য বিকাশৰ প্ৰশিক্ষণত তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ
কহৰাত অনুষ্ঠিত সামৰ্থ্য বিকাশৰ প্ৰশিক্ষণত তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ
 
গুৱাহাটী
 
জি ই এফৰ (GIF) ক্ষুদ্ৰ অনুদানৰ সপ্তম কাৰ্যকৰী পৰ্যায় ৰূপায়ণৰ বাবে তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ বাবে অংশগ্ৰহণমূলক মেপিঙৰ ওপৰত কাজিৰঙাৰ কহৰাত দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয়। তেৰি TERI (দ্য এনাৰ্জি এণ্ড ৰিচ’ৰ্চ ইনষ্টিটিউট) আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এই কৰ্মশালাৰ আয়োজন কৰে।
 
যোৱা  ২৭-২৮ জুন তাৰিখে অসমৰ কাজিৰঙা-কাৰ্বি আংলং লেণ্ডস্কেপৰ চন্দ্ৰসিং ৰংপি মেম’ৰিয়েল হাইস্কুল, চন্দ্ৰসিং ৰংপিৰ কমিউনিটি ৰিচ’ৰ্চ চেণ্টাৰত এই কৰ্মশালাৰ আয়োজন কৰা হয়।
 
জীৱিকা, স্বাস্থ্য আৰু পুষ্টিৰ পৰা আৰম্ভ কৰি বহনক্ষম কৃষিলৈকে বিভিন্ন বিষয়ভিত্তিক ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন সংস্থাৰ ১০ জনীয়া প্ৰতিনিধিৰ এক গোটে কৰ্মশালাত অংশগ্ৰহণ কৰে।
 
এই প্ৰশিক্ষণৰ লক্ষ্য আছিল আন্তঃশাখা সহযোগিতাৰ সুবিধা প্ৰদান কৰা আৰু বিভিন্ন খণ্ডত দক্ষতাক প্ৰামাণিককৰণ কৰা। ইয়াৰ উপৰিও এই কৰ্মশালাৰ জৰিয়তে স্থানীয় প্ৰযুক্তি গ্ৰহণক উৎসাহিত কৰিবলৈ, তথ্য সংহতিৰ সুবিধা প্ৰদান কৰিবলৈ আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰে।
 
অংশগ্ৰহণকাৰী সংস্থাসমূহৰ ভিতৰত আছিল কামৰূপ মহানগৰৰ চেষ্টা, নলবাৰীৰ পৰা লটাচ প্ৰগ্ৰেচিভ চেন্টাৰ  আৰু গুৱাহাটীস্থিত ফাউণ্ডেশ্যন ফৰ চাষ্টেইনেবল দেভলপমেন্ত trust । মেঘালয়ৰ বস্কো ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট ছ’চাইটি, গুৱাহাটীৰ গ্ৰীণ ভেলী ছ’চাইটি আৰু যোৰহাটৰ পৰা এছ এন এইচ পি এ ডিৰ  প্ৰতিনিধি উপস্থিত আছিল ।  লগতে অংশগ্ৰহণ কৰিছিল কলং কপিলী আৰু স্প্রেড এন ই গুৱাহাটী আৰু বেঠনী ছ’চাইটি শ্বিলং  এই সংগঠন সমূহৰ এই মিশ্ৰণে প্ৰশিক্ষণলৈ বৈচিত্ৰময় দৃষ্টিভংগী আৰু অভিজ্ঞতাৰ সমৃদ্ধি আনিছিল।
 
টেৰিৰ(TERI )পৰামৰ্শদাতা নন্দিতা হাজৰিকাকে ধৰি বিশেষজ্ঞৰ এটা দলে এই অনুষ্ঠানৰ আঁত ধৰে ; অৰূপ কুমাৰ দাস, জ্যেষ্ঠ প্ৰবন্ধক, আৰণ্যক; টেৰিৰ(TERI ) প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ সঞ্চালক ড° দিপাংকৰ চহৰীয়া ; আৰাণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ফিৰোজ আহমেদ; আৰাণ্যকত প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা কাৰ্যসূচীৰ জ্যেষ্ঠ কাৰ্যসূচী সহযোগী জয়ন্ত কুমাৰ শৰ্মা আৰু আৰণ্যকৰ জ্যেষ্ঠ গৱেষক সৌৰভ গুপ্তা।
 
উন্মোচনী অধিবেশনত বিশেষ অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়, য’ত টেৰিৰ (TERI)ক্ষুদ্ৰ অনুদান কাৰ্যসূচী, ইউ এন ডিপি - জি ই এফ, টেৰিৰ(TERI )ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডেকে ধৰি বিশেষ অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়।
 
আৰণ্যকে জৈৱ বৈচিত্ৰ্য, পৰিৱেশ তন্ত্ৰ সংৰক্ষণ আৰু বিকল্প বহনক্ষম জীৱিকা কাৰ্যকলাপ, শিক্ষা আৰু সজাগতা কাৰ্যসূচীৰ জৰিয়তে কাজিৰঙা- কাৰ্বি আংলং লেণ্ডস্কেপ আৰু মানস লেণ্ডস্কেপত বাস কৰা খিলঞ্জীয়া জনগোষ্ঠীসমূহক সহায় কৰাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ। গোটেই পদক্ষেপটো আই ইউ চি এন, কে এফ ডব্লিউৰ দ্বাৰা সমৰ্থিত।
 
আৰণ্যকৰ আয়োজক দলৰ প্ৰচেষ্টাত এই অনুষ্ঠান সম্ভৱ হৈ উঠে আৰু সম্প্ৰদায়ৰ স্বেচ্ছাসেৱক ষ্টিফেন লেকথে আৰু এলউইন টেৰনেও অনুষ্ঠানটোক যৎপৰোনাষ্টি সহায় আগবঢ়ায়।