মেঘালয়ত ধাৰাসাৰ বৰষুণৰ ফলত এটা পৰিয়ালৰ ১০ জন লোকৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 13 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
শ্বিলং
 
মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাত বিগত ২৪ ঘণ্টাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এটা পৰিয়ালৰ সাতজনকে ধৰি কমেও ১০ জন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জনায়। শনিবাৰে জিলাখনৰ গছুৱাপাৰা অঞ্চলত অবিৰত বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হৈছিল।
 
এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, শনিবাৰে দুৰ্গম গাঁও হাতিয়াছিয়া ছংমাত থকা ৭জনীয়া পৰিয়ালটো নিজৰ ঘৰৰ ভিতৰতে ভূমিস্খলন সংঘটিত হয়। নিহতসকলৰ ভিতৰত আছে তিনি নাবালক শিশু।
 
গাৰো পাহাৰৰ পাঁচখন জিলাৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে। মুখ্যমন্ত্ৰীয়ে ডালুৰ তিনিজন আৰু হাটিয়াছিয়া ছংমাৰ পৰা সাতজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাত গভীৰ দুখ প্ৰকাশ কৰিছে বুলি বিষয়াসকলে জনায়। লগতে মৃতকৰ আত্মীয়ক তাৎক্ষণিকভাৱে এক্স গ্ৰেচিয়া পেমেণ্টৰ নিৰ্দেশ দিছে ছাংমাই।
 
আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু এছডিআৰএফৰ কৰ্মী নিয়োগ কৰা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। 
 
বৈঠকৰ সময়ত চাংমাই পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাৰ বাবে বেইলী দলং প্ৰযুক্তি ব্যৱহাৰৰ পৰামৰ্শ দিয়ে, যাৰ ফলত দ্ৰুতভাৱে একত্ৰিত আৰু পৰিবহণৰ সুবিধা হ’ব বুলিও বিষয়াসকলে লগতে কয়।