মৰিচাছৰ সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by   Imtiaz Ahmed • 13 h ago
বিমানবন্দৰত দুয়োগৰাকী নেতাই উষ্ম আলিংগনৰ আদান-প্ৰদান কৰে
বিমানবন্দৰত দুয়োগৰাকী নেতাই উষ্ম আলিংগনৰ আদান-প্ৰদান কৰে
প'ৰ্ট লুই

মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বোচ্চ বঁটা ‘দ্য গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন’ৰ প্ৰাপক হিচাপে ঘোষণা কৰে। ইয়াৰ লগে লগে, প্ৰধানমন্ত্ৰী মোদী মৰিচাছৰ সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হৈ পৰিছে।

ৰামগুলামে এই কথা ঘোষণা কৰে প’ৰ্ট লুইত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত। প’ৰ্ট লুইত প্ৰধানমন্ত্ৰী মোদী মৰিচাছলৈ দুদিনীয়া ৰাজ্যিক ভ্ৰমণত আছে। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বঁটা।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰামগুলামক মৰিচাছৰ শীৰ্ষ সন্মানেৰে সন্মানিত কৰাৰ বাবে ধন্যবাদ জনাই কয় যে তেওঁ এই সিদ্ধান্ত বিনম্ৰতাৰে গ্ৰহণ কৰিছে।

"মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে এই মাত্ৰ ঘোষণা কৰিলে যে তেওঁলোকে মোক তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰিব। মই আপোনাৰ সিদ্ধান্তক বিনম্ৰতাৰে গ্ৰহণ কৰিব বিচাৰো। এয়া ভাৰত আৰু মৰিচাছৰ ঐতিহাসিক সম্পৰ্কৰ সন্মান।"

ৰামগুলামে কয় যে ১৯৯২ চনৰ ১২ মাৰ্চত মৰিচাছ গণৰাজ্য হিচাপে পৰিগণিত হোৱাৰ পিছৰে পৰা পাঁচজন বিদেশী গণ্যমান্য ব্যক্তিক ‘দ্য গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন’ৰে সন্মানিত কৰা হৈছে। বৰ্ণবৈষম্য বিৰোধী আইকন নেলছন মেণ্ডেলাই ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিছিল।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্বাডোছ, গায়ানা, ৰাছিয়া, ভূটান, ফ্ৰান্স, ইজিপ্ত আৰু আমেৰিকাৰ পৰা সৰ্বোচ্চ সন্মান লাভ কৰিছিল।

পূৰ্বে দুদিনীয়া ৰাজ্যিক ভ্ৰমণসূচীৰে মৰিচাছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক ৰামগুলামে আদৰণি জনায়। বিমানবন্দৰত দুয়োগৰাকী নেতাই উষ্ম আলিংগনৰ আদান-প্ৰদান কৰে। বুধবাৰে মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী।

ভাৰতীয় নৌসেনাৰ এখন যুদ্ধ জাহাজৰ সৈতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে এই উদযাপনত অংশগ্ৰহণ কৰিব। ভাৰতৰ পুঁজিৰে ২০টাতকৈও অধিক প্ৰকল্পও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ উপৰিও তেওঁ দ্বীপ ৰাষ্ট্ৰখনৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন বৃহৎ আন্তঃগাঁথনি প্ৰকল্প ঘোষণা কৰিব বুলি বাতৰি সংস্থাই বিষয়াসকলৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰামগুলামে ২০১৭ চনত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ ভিত্তিত প্ৰায় ৪৭.৫ মিলিয়ন মাৰ্কিন ডলাৰ (৪০ কোটি টকাৰ) ব্যয়ৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা অসামৰিক সেৱা ভৱনটো উদ্বোধন কৰিব।

ইয়াৰ পূৰ্বে প’ৰ্ট লুইৰ ষ্টেট হাউছত মৰিচাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুল আৰু ফাৰ্ষ্ট লেডী বৃন্দা গোখুলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ পবিত্ৰ পানী, বিহাৰৰ ছুপাৰফুড মাখানা আৰু ভগৱান গণেশৰ মূৰ্তি উপহাৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ ফাৰ্ষ্ট লেডীক গুজৰাটৰ সাদেলী বাকচত এখন বানাৰসী শাৰীও উপহাৰ দিয়ে। সাদেলী বাকচটোত জটিল ইনলে কামৰ বৈশিষ্ট্য আছে, যিটো বহুমূলীয়া শাৰী, গহনা বা স্মৃতিগ্ৰন্থ ৰখাৰ বাবে ডিজাইন কৰা হয়।

এক বিশেষ ভংগীমাত প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীক অ’চিআই কাৰ্ড প্ৰদান কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে।

ৰাষ্ট্ৰপতি গোখুলক সাক্ষাৎ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আৰু ৰামগুলামে ছাৰ ছিউছাগুৰ ৰামগুলাম উদ্ভিদ উদ্যানত এটা গছপুলি ৰোপণ কৰে।