অযোধ্যা ধাম জংচন, অমৃত ভাৰত ৰে'লৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
অযোধ্যা ধাম জংচন, অমৃত ভাৰত ৰে'লৰ  উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
অযোধ্যা ধাম জংচন, অমৃত ভাৰত ৰে'লৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
 
নতুন দিল্লী 
 
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অযোধ্যাত উপস্থিত হয় পুনৰ উন্নীতকৃত অযোধ্যা ধাম ৰে'লৱে ষ্টেচন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰে’ল ষ্টেচনৰ পৰা দুখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ উদ্বোধন কৰে। কিছুসময় পিছত নতুন বিমানবন্দৰ উন্মোচন কৰিব।
 
ৰে'লৱে ষ্টেচনলৈ যোৱাৰ পথত প্ৰধানমন্ত্ৰীয়ে ৰোডশ্ব’ অনুষ্ঠিত হয়।  য’ত ১৪০০ৰো অধিক কলা-কুশলীই ৰাম পাথৰ পথত স্থাপন কৰা মুঠ ৪০টা মঞ্চত লোকশিল্প আৰু সাংস্কৃতিক অনুষ্ঠান উপস্থাপন কৰে।  
 
ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। য’ত ১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা হ’ব। অহা ২২ জানুৱাৰীত ৰাম মন্দিৰত অনুষ্ঠিত হ’ব অভিষেক অনুষ্ঠান। ইয়াৰ পিছত তেওঁ নতুন বিমানবন্দৰ উদ্বোধন কৰাৰ লগতে বিমানবন্দৰৰ সমীপত ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব। 
অযোধ্যা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাৰ নাগৰিকৰ সুবিধাসমূহ নৱীকৰণ আৰু বিশ্বমানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১,১০০ কোটিতকৈ অধিক মূল্যৰ প্ৰকল্প আৰু উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰান্তৰ বাবে ৪,৬০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পও আৰম্ভ কৰিব। 
 
আগন্তুক ৰাম মন্দিৰৰ সুলভতা বৃদ্ধিৰ বাবে তেওঁ অযোধ্যাৰ চাৰিটা নতুনকৈ পুনৰ উন্নীত, বহল আৰু সৌন্দৰ্য্যবৰ্ধন কৰা পথ - ৰাম পথ, ভক্তি পথ, ধৰ্ম পথ আৰু শ্ৰী ৰাম জন্মভূমি পথ উদ্বোধন কৰিব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনায়।  
 
শুকুৰবাৰে অযোধ্যাত উপস্থিত হোৱা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে চহৰখনত থাকিব। অযোধ্যাৰ জিলা দণ্ডাধীশ নীতিশ কুমাৰে পিটিআইক জনোৱা মতে, অযোধ্যাত মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকও অনুষ্ঠিত কৰিব।
মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ উপৰিও ৰে’ল মন্ত্রী অশ্বনী বৈষ্ণৱ, কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া, স্থানীয় সাংসদ-বিধায়ক আৰু দলৰ দুই এজন কর্মচাৰীও উপস্থিত থাকিব৷  
 
আগন্তুক ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠা' (অভিষেক)ৰ এমাহ নৌহওঁতেই প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ। বৰ্তমান অযোধ্যাত নিৰ্মাণৰ কাম চলি আছে ভৱিষ্যৎ ৰাম মন্দিৰৰ। ২২ জানুৱাৰীত এই অভিষেক অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু অভিষেক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।