বিশাখাপট্টনম
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ সৈতে বুধবাৰে সন্ধিয়া ইয়াত এক বিশাল ৰোডশ্ব’ অনুষ্ঠিত কৰে। তেওঁলোকে এখন ফুলৰ সজ্জিত মুকলি বাহনত থিয় হৈ পথৰ দুয়োকাষে শাৰী পাতি থকা লোকসকলক হাত জোকাৰি অভিবাদন জনায়। কেইবাটাও অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশত ২ লাখ কোটিৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰে।
ছিৰিপুৰম জংচনৰ ভেংকটাদ্ৰী ভান্টিলু ৰেষ্টুৰেণ্ট এলেকাত আৰম্ভ হোৱা এই ৰোডশ্ব’ৰ সামৰণি পৰে অন্ধ্ৰ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ খেলপথাৰত, য’ত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰি জনসভাত ভাষণ দিয়ে। কেইবাঘণ্টা ধৰি অপেক্ষা কৰি থকা শ শ লোকক উদ্দেশ্যে নেতা কেইজনে হাত জোকাৰি অভিবাদন জনায়।
প্ৰায় ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোডশ্ব’ৰ সময়ত প্ৰধানমন্ত্ৰীৰ পিছফালে থিয় হৈ থকা দেখা গৈছিল বিজেপিৰ সাংসদ তথা দলৰ ৰাজ্যিক সভাপতি ডি পুৰন্দেশ্বৰীকো। ৰোডশ্ব’ৰ সময়ত তেলেগু দেশম পাৰ্টি, জনসেনা আৰু বিজেপিৰ পতাকা দেখিবলৈ পোৱা যায়। তিনিওটা মিত্ৰজোঁটৰ অংশীদাৰে উত্তৰ অন্ধ্ৰৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক লোকক সংগঠিত কৰে। ৰোডশ্ব’ৰ সময়ত উত্তৰ অন্ধ্ৰ সংস্কৃতিক প্ৰতিফলিত কৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি, সেউজ শক্তি আৰু অঞ্চল উন্নয়নৰ উন্নতিৰ লক্ষ্যৰে কেইবাটাও সংস্কাৰৰ পদক্ষেপ উন্মোচন কৰে। ২ লাখ কোটিৰো অধিক মূল্যৰ এই প্ৰকল্পসমূহে মূলতঃ উত্তৰ অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বুধবাৰে বিশাখাপট্টনম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ সৈতে বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে।
ভাৰতৰ ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে অংকপালে জিলাৰ পুডিমাডকাত এনটিপিচি গ্ৰীণ এনাৰ্জি লিমিটেডৰ (এনজিইএল) সেউজ হাইড্ৰজেন হাবৰ আধাৰশিলা স্থাপন কৰে। ১.৮৫ লাখ কোটি টকাৰ এই আঁচনিখনে ২০ জিৱাট নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি প্ৰতিদিনে ১৫০০ টন সেউজ হাইড্ৰ’জেন আৰু ৰপ্তানিৰ বাবে ৭৫০০ টন সেউজ হাইড্ৰ’জেন সামগ্ৰী যেনে মিথানল, ইউৰিয়া আৰু বহনক্ষম বিমান ইন্ধন উৎপাদন কৰিব।
এই প্ৰকল্পটোৱে ২০৩০ চনৰ ভিতৰত ৫০০ জিৱাট জীৱাশ্ম ইন্ধনমুক্ত শক্তিৰ ভাৰতৰ অভিলাষী লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ, আৰু ই দেশখনৰ বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতাক শক্তিশালী কৰে।