The NDA Governments, both in the Centre and Assam, have been working tirelessly to empower the Bodo community and fulfil Bodo aspirations. These works will continue with even greater vigour.
— Narendra Modi (@narendramodi) February 15, 2025
I fondly recall my own visit to Kokrajhar, where I witnessed the vibrant Bodo culture. https://t.co/WXjwPl5QOa
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত পোষ্ট কৰি কয়, ‘১৭ ফেব্ৰুৱাৰীত অসমে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব। কাৰণ এসময়ত বডোলেণ্ড আন্দোলনৰ কেন্দ্ৰবিন্দু কোকৰাঝাৰত এদিনীয়া বিশেষ বিধানসভা অধিৱেশন অনুষ্ঠিত হ’ব। অধিৱেশনৰ এটা মূল লক্ষ্য হ’ব ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰা।”
এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৃতিত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী হিচাপে এয়া তেওঁৰ কাৰ্যকালৰ অন্যতম উল্লেখযোগ্য মুহূৰ্ত বুলি অভিহিত কৰে।