নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ বিশেষ অধিৱেশনত আগবঢ়োৱা ভাষণৰ সময়ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰু আৰু ইন্দিৰা গান্ধীকে ধৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পুৰণি সংসদ ভৱনত সংসদৰ অধিৱেশনৰ অন্তিম দিন উপলক্ষে তেওঁ এই সংসদ ভৱনে সাক্ষী হোৱা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে।
ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মোদীয়ে কয় যে এই অধিৱেশনত ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেইবাটাও সিদ্ধান্ত নতুন সংসদ ভৱনত লোৱা হ’ব।
উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বিশেষ অধিৱেশনখন পুৰণি সংসদ ভৱনত অনুষ্ঠিত হৈছে যদিও মঙলবাৰে গণেশ চতুৰ্থী উপলক্ষে সাংসদসকলে নতুন সংসদ ভৱনত প্ৰৱেশ কৰিব।
"এই সময়ত আমি সকলোৱে সমগ্ৰ দেশতে এক উৎসাহৰ পৰিৱেশ আৰু এক নতুন আত্মবিশ্বাস অনুভৱ কৰিছো। একে সময়তে সংসদৰ এই অধিৱেশনখন চলি আছে। এই অধিবেশনখন চুটি, কিন্তু সময়ৰ ফালৰ পৰা ই বহুত ডাঙৰ। এই অধিবেশন ঐতিহাসিক সিদ্ধান্তৰ অধিবেশন। এই অধিবেশনৰ এটা বিশেষত্ব হ’ল নতুন গন্তব্যস্থানৰ দিশত ইয়াৰ পৰাই যাত্ৰা আৰম্ভ হ'ব।’
মোদীয়ে কয় যে ভাৰতীয়সকলৰ সাফল্যৰ বিষয়ে সকলোতে চৰ্চা চলি আছে আৰু এয়া দেশৰ সংসদৰ ইতিহাসৰ ৭৫ বছৰীয়া একত্ৰিত প্ৰচেষ্টাৰ ফল। প্ৰধানমন্ত্ৰীয়ে লোকসভাত উল্লেখ কৰে যে ভাৰতৰ ‘৭৫ বছৰীয়া সংসদীয় যাত্ৰা সংবিধান সভাৰ কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণৰ পৰা ৰ আৰম্ভণি হৈছিল।’ প্ৰধানমন্ত্ৰীয়ে কয় যে চন্দ্ৰযান-৩ৰ সফলতাই কেৱল ভাৰতকে নহয়, বিশ্বক গৌৰৱান্বিত কৰিছে।
তেওঁ কয়, ‘ইয়াৰ দ্বাৰা ভাৰতৰ শক্তিৰ এক নতুন ৰূপ উন্মোচিত হৈছে যিটো প্ৰযুক্তি, বিজ্ঞান, আমাৰ বিজ্ঞানীসকলৰ সম্ভাৱনা, আৰু দেশৰ ১৪০ কোটি লোকৰ শক্তিৰ সৈতে জড়িত।’
২২ ছেপ্টেম্বৰলৈকে চলিবলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ দ্বিতীয় দিন মঙলবাৰে সংসদ নতুন ভৱনলৈ স্থানান্তৰিত হোৱাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। “আমি সকলোৱে এই ঐতিহাসিক ভৱনটোৰ পৰা বিদায় লৈছো। স্বাধীনতাৰ আগতে এই সদনটোৱেই আছিল ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলৰ স্থান। স্বাধীনতাৰ পিছত এইটোৱে সংসদ ভৱনৰ পৰিচয় লাভ কৰিছিল।’
তেওঁ লগতে কয়, ‘এই ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী শাসকে লোৱাটো সঁচা কিন্তু আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু গৌৰৱেৰে ক’ব পাৰো যে ইয়াৰ বাবে যি কষ্ট, কঠোৰ পৰিশ্ৰম, আৰু ধন ব্যয় হৈছিল, সেয়া আমাৰ দেশবাসীৰ আছিল। প্ৰধানমন্ত্ৰীয়ে চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সফলতাৰ কথাও উল্লেখ কৰে।
"আজি সকলো ভাৰতীয়ৰ সাফল্যৰ বিষয়ে সকলোতে চৰ্চা চলি আছে। আমাৰ সংসদৰ ইতিহাসৰ ৭৫ বছৰীয়া ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফল এয়া। চন্দ্ৰযান-৩ৰ সফলতাই কেৱল ভাৰতেই নহয়, বিশ্বক গৌৰৱান্বিত কৰিছে। ইয়াৰ দ্বাৰা আমি গৌৰৱান্বিত হৈছো।"-প্ৰধানমন্ত্ৰীয়ে কয়।
তেওঁ কয়, "এতিয়া নতুন ঠাইৰ পৰা যাত্ৰা আগুৱাই নিব লাগিব আৰু ২০৪৭ চনৰ ভিতৰত দেশখনক উন্নত দেশ হিচাপে গঢ়ি তুলিব লাগিব। ইয়াৰ বাবে সকলো সিদ্ধান্ত নতুন ভৱনত লোৱা হ'ব।" প্ৰধানমন্ত্ৰীয়ে আৰু সকলো সদস্যকে পুৰণি সমস্যা এৰি এই সদনলৈ নতুন সামগ্ৰী আনি এই অধিবেশনত ফলপ্ৰসূভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘কাইলৈ গণেশ চতুৰ্থীৰ দিনা আমি নতুন সংসদলৈ যাম। ভগৱান গণেশক ‘বিঘ্নহৰ্ত’ বুলি জনা যায়। গতিকে তেওঁৰ আশীৰ্বাদে যেন দেশৰ উন্নয়নৰ সকলো বাধা দূৰ কৰে। '