ৰাষ্ট্ৰ নিৰ্মাণত আৰ এছ এছৰ ভূমিকাক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 2 d ago
আৰএছএছৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী
আৰএছএছৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী
 
নাগপুৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰৰ ড০ হেডগেৱাৰ স্মৃতি মন্দিৰ (Smruti Mandir) পৰিদৰ্শন কৰি কয় যে ভাৰতীয় সংস্কৃতি আৰু জাতীয়তাবাদৰ মূল্যবোধৰ প্ৰতি উৎসৰ্গিত এই স্থানে মানুহক দেশৰ সেৱাত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেডগেৱাৰ আৰু দ্বিতীয় সৰসংঘচালক (মুখ্য) এম এছ গোলৱালকাৰৰ প্ৰতি উৎসৰ্গিত স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰধানমন্ত্ৰীয়ে লিখা এখন টোকাত এই মন্তব্য কৰে।
 
হিন্দী ভাষাত লিখা আৰু প্ৰধানমন্ত্ৰীৰ স্বাক্ষৰিত টোকাখনত লিখা আছে, “পৰম শ্ৰদ্ধাৰ ড০ হেডগেৱাৰ আৰু শ্ৰদ্ধাৰ গুৰুজীলৈ মোৰ আন্তৰিক প্ৰণাম। তেওঁলোকৰ স্মৃতিবোৰক ধৰি ৰখা এই স্মৃতি মন্দিৰটো চাবলৈ পাই মই আপ্লুত হৈ পৰিছো। ভাৰতীয় সংস্কৃতি, জাতীয়তাবাদ আৰু সংগঠনৰ মূল্যবোধৰ প্ৰতি উৎসৰ্গিত এই স্থানে আমাক দেশৰ সেৱাত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। সংঘৰ এই দুটা মজবুত স্তম্ভৰ স্থান দেশৰ সেৱাত উৎসৰ্গিত লাখ লাখ স্বেচ্ছাসেৱকৰ বাবে শক্তিৰ উৎস। আমাৰ প্ৰচেষ্টাৰ সহায়ত আই ভাৰতীৰ গৰিমা সদায় বাঢ়ি যাওক।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উন্নয়নত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অৱদানৰ বাবে প্ৰশংসা কৰি সংগঠনটোৰ শতিকাজোৰা যাত্ৰা আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি থকা দায়বদ্ধতাক আলোকপাত কৰে। ৰাজনৈতিক বাক্যবাণৰ পৰা দূৰত থাকি আগবঢ়োৱা এক স্মৰণীয় ভাষণত মোদীয়ে সংঘৰ মুৰব্বী মোহন ভাগৱতক কাষত লৈ কেৱল আৰ এছ এছৰ উত্তৰাধিকাৰ আৰু সমাজৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক ঐতিহাসিক ভ্ৰমণ বুলি গণ্য কৰা হৈছে, কাৰণ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে তেওঁ নাগপুৰৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিছে। মহাৰাষ্ট্ৰৰ দ্বিতীয় ৰাজধানী নাগপুৰৰ ৰেশিমগড় অঞ্চলত অৱস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ ইয়াৰ পূৰ্বে কোনো প্ৰধানমন্ত্ৰী যোৱা নাছিল।
ইয়াৰ পূৰ্বে, মোদীয়ে ২০১২ চনৰ ১৬ ছেপ্টেম্বৰত আৰ এছ এছৰ প্ৰাক্তন মুৰব্বী কে সুদৰ্শনক শ্ৰদ্ধাঞ্জলি জনাবলৈ সংগঠনটোৰ মুখ্য কাৰ্যালয়লৈ গৈছিল। ২০১৩ চনৰ জুলাইত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী মোদীয়ে এখন বৈঠকৰ বাবে আৰএছএছৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিছিল। দেওবাৰে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আৰ এছ এছৰ সৰসংঘচালক মোহন ভাগৱত, আৰ এছ এছৰ প্ৰবীণ নেতা ভাইয়াজী যোশী, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু স্থানীয় আৰ এছ এছৰ নেতাসকল উপস্থিত থাকে।
 
এই ভ্ৰমণৰ সময়ত আৰ এছ এছৰ মুৰব্বীগৰাকীৰ সৈতে কিছু সময়ৰ বাবে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰ এছ এছৰ পৰম্পৰা অনুসৰি যিকোনো ভি আই পি বা কোনো গণ্যমান্য ব্যক্তিক ইয়াৰ মুখ্য কাৰ্যালয়ত স্থানীয় নেতাসকলে আদৰণি জনায়। কিন্তু প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ দেওবাৰে আৰএছএচৰ মুৰব্বী মোহন ভাগৱত ব্যক্তিগতভাৱে উপস্থিত থাকে।