ছেপ্তেম্বৰত অৱসৰ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে ! সঞ্জয় ৰাউটৰ দাবী

Story by  atv | Posted by  [email protected] • 1 d ago
শিৱসেনাৰ নেতা সঞ্জয় ৰাউট
শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

মুম্বাই

শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰ মাহত অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে আৰু এই বিষয়ত আলোচনা কৰিবলৈকে তেওঁ শেহতীয়াকৈ নাগপুৰস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিছিল। তেওঁ কয় যে বিগত ১০-১১ বছৰে প্ৰধানমন্ত্ৰী মোদীয়ে আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ যোৱা নাছিল যদিও এতিয়া সংগঠনটোৰ মুৰব্বী মোহন ভাগৱতক "টাটা, বাই, বাই" ক'বলৈহে তেওঁ তালৈ গৈছে।
 
মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাউতে কয়, ‘মই যিখিনি বুজি পাইছো, সমগ্ৰ সংঘ পৰিয়ালে দেশৰ নেতৃত্বৰ পৰিৱৰ্তন হোৱাটো বিচাৰে, প্ৰধানমন্ত্ৰী মোদীৰ সময় এতিয়া শেষ হৈছে আৰু তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। তেওঁলোকে পৰৱৰ্তী বিজেপি প্ৰধানক বাছনি কৰিব বিচাৰে।"
 
ইফালে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে সঞ্জয় ৰাউতৰ এই দাবী খণ্ডন কৰি দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বহু বছৰলৈ দেশৰ নেতৃত্ব দি থাকিব।
"২০২৯ চনত আমি পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক দেখা পাম। তেওঁৰ উত্তৰাধিকাৰীক বিচাৰি উলিয়াব নালাগে। তেওঁ আমাৰ নেতা আৰু আগলৈও থাকিব। আমাৰ সংস্কৃতিত যেতিয়া পিতৃ জীয়াই থাকে, তেতিয়া উত্তৰাধিকাৰৰ কথা কোৱাটো অনুচিত। তেনে চিন্তা কৰা ব্যক্তিসকল হৈছে মোগল সংস্কৃতিৰ সমৰ্থক। পৰৱৰ্তী প্ৰধানমন্ত্ৰীক লৈ আলোচনা কৰাৰ সময় হোৱা নাই।"-ফাড়নৱিছে কয়।
 
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ এদিন পিছতে ৰাউটে আজি এই চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী মোদীয়ে আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেডগেৱাৰক শ্ৰদ্ধাঞ্জলি জনাই সংগঠনটোক ভাৰতৰ সাংস্কৃতিক আৰু মতাদৰ্শগত ঐতিহ্যক প্ৰতিনিধিত্ব কৰা বট বৃক্ষ বুলি অভিহিত কৰে।