গুৱাহাটী
গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ ল'বলৈ আহি এজন লোকৰ মৃত্যু হয়। কংগ্ৰেছৰ ‘ৰাজভৱন চলো’ কাৰ্যসূচীত অংশ ল’বলৈ আহি মৃত্যু হয় মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগৰ কৰাৰ লগতে লাঠিচালনাও কৰিছিল। আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত আহত হৈছিল মৃদুল ইছলাম। মৃদুলৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল। আহত মৃদুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও হাস্পতালত মৃত্যু হয় লোকজনৰ। মৃত মৃদুল ইছলামৰ ঘৰ দক্ষিণ কামৰূপৰ সোণতলীত বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা আছিল মৃদুল ইছলাম।
কংগ্ৰেছে আজি ‘এক দেশ এক নিৰ্বাচন’ৰ বিৰোধিতা, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, হিংসা বন্ধ কৰি মণিপুৰত শান্তি ঘূৰাই অনাৰ দাবীত ‘ৰাজভৱন চলো’ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি।
আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনাও কৰিছিল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ এই হতাহতিত আহত হৈছিল মৃদুল ইছলাম। ঘটনাত আহত হৈছিল কেইবাগৰাকীও সাংবাদিক। আহত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালত তেওঁৰ মৃত্যু হয়।