অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৰাইডাৰ ননীৰ গ্ৰুপৰ সদস্যৰ চুৰি হোৱা বাইকখন

Story by  atv | Posted by  [email protected] • 1 d ago
অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৰাইডাৰ ননীৰ গ্ৰুপৰ সদস্যৰ চুৰি হোৱা বাইকখন
অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৰাইডাৰ ননীৰ গ্ৰুপৰ সদস্যৰ চুৰি হোৱা বাইকখন
 
গুৱাহাটী
 
অৱশেষত উদ্ধাৰ হ’ল ৰাইডাৰ মোহিত কুমাৰৰ চুৰি হোৱা বাইক। দেওবাৰে নিশা ফকিৰগঞ্জৰ প্ৰেম বজাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাইডাৰ মোহিতৰ বাইকখন। ইতিমধ্যে বাইক চুৰিৰ সন্দৰ্ভত দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। ধৃত যুৱক দুজন ফকিৰগঞ্জ বালাটাৰী গাঁৱৰ আফছাৰ কাজীৰ পুত্ৰ ফিৰোজ কাজী আৰু বাসানীপাৰা গাঁৱৰ আব্দুল জোব্বাৰৰ পুত্ৰ আশ্ৰাফুল দেৱান।
 
উত্তৰাখণ্ডৰ জনপ্ৰিয় বাইক ৰাইডাৰ ননীৰ দলৰ সদস্য মোহিত কুমাৰ। যোৱা বুধবাৰে গুৱাহাটীৰ সৰুসজাইৰ এটা গেষ্ট হাউছৰ পৰা চুৰি হৈছিল বাইকখন। গেষ্ট হাইছৰ চিচিটিভিত বন্দী হৈছিল বাইক চুৰিৰ দৃশ্য।
 
উল্লেখ্য যে বাইক চুৰি হোৱাৰ পাছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক বাইকখন উদ্ধাৰ কৰি দিবলৈ আহ্বান জনাইছিল ৰাইডাৰ ননীয়ে। এই ঘটনাৰ পাছতে তীব্ৰ সমালোচনা হৈছিল সামাজিক মাধ্যমত। ৰাইডাৰ মোহিতৰ বাইকখন অতি শীঘ্ৰে উদ্ধাৰৰ আশ্বাস দিছিল DCP মৃণাল ডেকাই।
 
তাৰ পাছতে বাইক চোৰৰ সন্ধানত নামি পৰিছিল মহানগৰ আৰক্ষী। অৱশেষত ফকিৰগঞ্জ আৰক্ষীৰ সহযোগত বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা বাইকখন। ইতিমধ্যে দেওবাৰে নিশাই বাইকসহ দুই যুৱকক লগত লৈ গুৱাহাটীলৈ ৰাওনা হৈছে বশিষ্ঠ আৰক্ষী। বাইকখন উদ্ধাৰৰ পাছতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে ৰাইডাৰ মোহিত কুমাৰে।