গুৱাহাটী
শিশু আৰু মহিলাৰ সামাজিক,সাংস্কৃতিক আৰু শৈক্ষিক বিকাশৰ প্ৰতি সমৰ্পিত সংস্থা প্ৰত্যাশা টি চি '৮৭ৰ উদ্যোগত আমিনগাঁৱৰ লাচিত শিশু প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আজি কণ কণ ছাত্ৰ- ছাত্ৰী আৰু মাতৃ সকলৰ মাজত পৰিবেশৰ প্ৰতি সজাগতা অনাৰ উদ্দেশ্যৰে বৃক্ষৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত হয়।
এখন প্ৰদূষণমুক্ত সেউজ সুন্দৰ পৃথিৱী গঢ়াৰ উদ্দেশ্যৰ কথা উল্লেখ কৰি টি চি উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ '৮৭ বৰ্ষৰ কিছুসংখ্যক ছাত্ৰীৰ দ্বাৰা গঠিত প্ৰত্যাশা টি চি '৮৭ৰ সম্পাদিকা মালবিকা ৰায়মেধি দাসে কয় যে গছ থাকিলেহে মানুহ থাকিব। যিদৰে এজন সুস্থ আৰু নিৰোগী মানুহক পুষ্টিকৰ আৰু সুষম আহাৰৰ প্ৰয়োজন, ঠিক সেইদৰে পৃথিৱীখনক সুস্থ কৰি ৰাখিবলৈ গছৰ প্ৰয়োজন।
সেইবাবে বিশ্ব পৰিবেশ দিৱসলৈ বাট নাচাই যিকোনো দিনতে, যিকোনো উৎসৱতে বৃক্ষৰোপণ কৰি গছ এজোপাৰ অভিভাৱক হবলৈ তেওঁ সকলোকে আহ্বান জনায়। সংস্থাটোৱে আম, জলফাই,আমলখি, শিলিখা,দেৱদাৰু, কৃষ্ণচূড়া, মহানিম আদি কেইবা বিধৰো গছপুলি ৰুই প্ৰত্যেকজোপা গছপুলিৰ প্ৰতিপালনৰ দায়িত্ব একোজন শিশুৰ ওপৰত দি তেওঁৰ নামৰ ফলক আঁৰি দিয়ে।
লাচিত শিশু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোৎস্না বেগম চৌধুৰীয়ে এই অভূতপূৰ্ব কাৰ্য্যৰ শলাগ লৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ইয়াৰ দ্বাৰা শিশুসকল উৎসাহিত হোৱাৰ উপৰি পৰিবেশৰ প্ৰতি সজাগ হব আৰু ভৱিষ্যতে এখন সেউজ সুন্দৰ পৃথিৱী নিৰ্মাণত সক্ৰিয় অংশগ্ৰহণ কৰি গৌৰৱবোধ কৰিব।
সক্ৰিয় সদস্যা লিপিকা কলিতাই কয় যে প্ৰতি বছৰে প্ৰত্যাশা টি চি '৮৭ য়ে শিশু আৰু মহিলাৰ সামগ্ৰিক বিকাশৰ বাবে এনেধৰণৰ অনুষ্ঠান সম্পন্ন কৰি যাব। বৃক্ষৰোপণৰ পিছত শিশু সকলৰ মাজত কেঁচা বুট,চকলেট আদি বিতৰণ কৰা হয়।