নতুন দিল্লী
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে সোমবাৰে প্ৰয়াগৰাজ ভ্ৰমণ কৰি চলি থকা মহাকুম্ভত অংশগ্ৰহণ কৰাৰ লগতে ত্ৰিবেণী সংগমত স্নান কৰিব। এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকিব।
আঠ ঘণ্টাৰো অধিক সময়ৰ এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে মহাকুম্ভৰ আধ্যাত্মিক তাৎপৰ্য উপভোগ কৰিব। তেওঁ পূজনীয় অক্ষয়ৱত আৰু বদে হনুমান মন্দিৰত প্ৰাৰ্থনা কৰিব।
ৰাষ্ট্ৰপতি মূৰ্মূৱে সংগমৰ পৰা নিজৰ দিনটো আৰম্ভ কৰিব, য’ত তেওঁ ত্ৰিবেণী সংগমত আনুষ্ঠানিকভাৱে স্নান কৰিব আৰু সনাতন ধৰ্মৰ প্ৰতি গভীৰতা শিপাই থকা বিশ্বাসক শক্তিশালী কৰি তুলিব। উল্লেখযোগ্য যে, দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদেও বিগত সময়ত মহাকুম্ভৰ সময়ত পবিত্ৰ স্নান কৰিছিল।
ইয়াৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে সনাতন সংস্কৃতিত অমৰত্বৰ প্ৰতীক হিচাপে বিবেচিত পবিত্ৰ অক্ষয়ৱত গছত উপস্থিত হৈ প্ৰাৰ্থনা আগবঢ়াব। হিন্দু ধৰ্মত এই স্থানৰ অতি তাৎপৰ্য আছে আৰু প্ৰাচীন শাস্ত্ৰত ইয়াৰ উল্লেখ আছে। লগতে বাদে হনুমান মন্দিৰ পৰিদৰ্শন কৰিব, য'ত তেওঁ দেশৰ মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিব।
ৰাষ্ট্ৰপতি মূৰ্মূৱে ডিজিটেল মহাকুম্ভ অভিজ্ঞতা কেন্দ্ৰ পৰিদৰ্শন কৰিব, যিটো পদক্ষেপে ধৰ্মীয় অনুষ্ঠানসমূহক আধুনিক প্ৰযুক্তিৰ সৈতে একত্ৰীকৰণৰ ইংগিত দিয়ে। এই কেন্দ্ৰটোৱে উন্নত ডিজিটেল সঁজুলিৰ জৰিয়তে মহাকুম্ভ মেলাৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে, যাৰ ফলত ভাৰত আৰু বিদেশৰ ভক্তসকলে অনুষ্ঠানৰ বিষয়ে অধিক নিবিড়ভাৱে অনুভৱ কৰিব পাৰে।
ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বাবে সমগ্ৰ চহৰখনতে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। কেৱল প্ৰয়াগৰাজৰ বাবেই নহয় সমগ্ৰ দেশৰ ভক্তসকলৰ বাবেও তেওঁৰ এই ভ্ৰমণ এক ঐতিহাসিক আৰু প্ৰেৰণাদায়ক মুহূৰ্ত হ’ব। যিয়ে মহাকুম্ভৰ ধৰ্মীয়, সাংস্কৃতিক, আধ্যাত্মিক তাৎপৰ্য বৃদ্ধি কৰিব।