প্ৰধানমন্ত্ৰী মোদীলৈ গায়ানাৰ সৰ্বোচ্চ নাগৰিক সন্মান 'অৰ্ডাৰ অব এক্সিলেন্স' প্ৰদান
নতুন দিল্লী
ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আজি গায়ানাৰ সর্বোচ্চ নাগৰিক সম্মান 'অৰ্ডাৰ অব্ এক্সিলেন্স' প্রদানেৰে সন্মানিত কৰা হয়। দক্ষিণ আমেৰিকাৰ সৰু দেশ গায়ানাৰ এই সর্বোচ্চ নাগৰিক সন্মান লাভ কৰা মোডী হৈছে চতুৰ্থগৰাকী বিদেশী নেতা।
প্রধানমন্ত্রী মোদীয়ে এই সন্মান ভাৰতবাসীৰ লগতে ভাৰত-গায়ানাৰ মাজত থকা সুদৃঢ় ঐতিহাসিক সম্বন্ধলৈ উচৰ্গা কৰে। তেওঁৰ বিশেষ অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীয়ে এই সন্মান প্রদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে প্রকাশ কৰে যে ৰাষ্ট্ৰক দিয়া সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ নেতৃত্ব, বিশ্ব মঞ্চত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অধিকাৰৰ হকে লোৱা ভূমিকা, বিশ্ব সম্প্রদায়লৈ যোগোৱা বিশেষ সেৱা আৰু ভাৰত-গায়ানাৰ সম্পৰ্ক শক্তিশালী কৰাত থকা প্রতিশ্রুতিবদ্ধতাৰ বাবেই প্রধানমন্ত্রী মোদীক এই সন্মান প্রদান কৰা হৈছে।
সন্মান গ্রহণ কৰি মোদীয়ে কয় যে তেওঁৰ গায়ানাৰ ভ্ৰমণ ভাৰত-গায়ানা বন্ধুত্বপূর্ণ সম্পৰ্কৰ শক্তিশালীকৰণৰ বাবে থকা তেওঁৰ প্ৰতিশ্ৰুতিৰ নিদৰ্শন। ৰাজধানী জর্জ টাউনৰ স্টেট হাউছত এই সন্মান প্রদান অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতি আলীয়ে কয় যে প্রযুক্তি, উদ্ভাবন আৰু ডিজিটেল ব্যৱস্থা দেশসমূহৰ মাজৰ ব্যৱধানক বহল কৰিবলৈ ব্যৱহৃত হ'ব নালাগে। এইবোৰ ক্ষেত্ৰত লাভ কৰা সাফল্যই দেশসমূহৰ মাজৰ ব্যৱধান কমাই অনাৰ লগতে দৰিদ্ৰতা হ্রাস কবি বিশ্বত পাৰস্পৰিক সম্পৰ্কত অধিক ওচৰ চপাইহে আনিব লাগে বুলি উল্লেখ কৰে তেওঁ।
তেওঁক প্ৰদান কৰা সন্মানৰ বাবে ৰাষ্ট্ৰপতি আলীক ধন্যবাদ জনাই মোদীয়ে কয়- 'এয়া ১৪০ কোটি ভাৰতীয়লৈ আন্তৰিক স্বীকৃতি। ৰাষ্ট্ৰপতি আলীয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক উচ্চ মাত্রা দিছে। গায়ানাৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈ ভাৰত প্ৰস্তুত। আমাৰ সম্পৰ্ক গ্ল'বেল ছাউথৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ধুনীয়া জলপ্রপাত আৰু হ্ৰদৰ বাবে বিখ্যাত গায়ানা। গংগা, যমুনা, ব্ৰহ্মপুত্ৰ যিদৰে ভাৰতৰ প্ৰাচীন সভ্যতাৰ বাহক হৈ বৈ আছে, ঠিক তেনেদৰে গায়ানাৰ নদ- নদীসমূহো গায়ানাবাসীৰ সাংস্কৃতিক পৰিচয়ৰ অন্যতম উপাদান হিচাপে পৰিচিত হৈ আছে।'
ইয়াৰ পূৰ্বে ভাৰত-কাৰিকম শীর্ষ সন্মিলনৰ মাজতে ডমিনিকাৰ ৰাষ্ট্ৰপতি ছিলভানি বার্টনে দেশখনৰ সর্বোচ্চ ৰাষ্ট্ৰীয় সম্মান 'ডমিনিকা এৱাৰ্ড অব্ অনাৰ' প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক প্রদান কৰে। মোদীৰ নেতৃত্ব আৰু কভিড-১৯ৰ সময়ত ডমিনিকাক কৰা সাহায্যৰ স্বীকৃতিস্বৰূপেই তেওঁক এই সন্মান প্রদান কৰা বুলি উল্লেখ কৰা হয়।